স্প’ৰ্টছ ডেস্ক, ৭ আগষ্ট : টকিঅ'ত (Tokyo Olympic) পদক লাভৰ বাবে ভাৰতীয় খেলুৱৈৰ যুঁজ অব্যাহত আছে । এতিয়ালৈ ভাৰতে মুঠ ৫ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে গ’লফ প্ৰতিযোগিতাত (Golf event) প্ৰথমবাৰৰ বাবে ভাৰতে পদক লাভৰ সুযোগ লাভ কৰিছিল ৷ অৱশেষত সেই আশাও ভংগ হ'ল ।
ভাৰতৰ গ’লফাৰ অদিতি অশোকে (golfer Aditi Ashok) শনিবাৰে অত্যন্ত চেষ্টাৰ অন্তত অন্তিম ৰাউণ্ডৰ খেলত চতুৰ্থ স্থানত সন্তুষ্ট থাকিবলগীয়া হয় । তৃতীয় স্থানৰ বাবে নিউজিলেণ্ডৰ নিডিয়া কো (Lydia Ko) আৰু অদিতিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় যদিও তৃতীয়স্থান হেৰুৱাই খেলুৱৈগৰাকীয়ে ৷ লগে লগে অলিম্পিকৰ ইতিহাসত গ’লফত পদক জিকাৰ আশা ভংগ হয় ভাৰতৰ । বিশ্বৰ গ’লফ খেলুৱৈৰ তালিকাৰ ২০০ তম স্থানত থকা অদিতিয়ে দেশৰ হৈ পদক লাভ কৰাৰ বাবে যথেষ্ট কষ্ট কৰিছিল ।
তৃতীয় ৰাউণ্ডত দুৰ্দান্ত প্ৰদৰ্শনেৰে অদিতিয়ে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল । অদিতিৰ এই প্ৰদৰ্শনৰ পাছতে বহুতে ভাবিছিল যে এইবাৰ দেশে গ’লফৰ জৰিয়তে পুনৰ এটা পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব । আনকি ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে মহিলাৰ একক ষ্ট্ৰোক প্লে’ ইভেণ্টৰ (women's individual strokeplay event) অন্তিম ৰাউণ্ডলৈকে যুঁজ দিয়া পৰিলক্ষিত হয় ৷ তাৰপিছতো কিন্তু খেলুৱৈগৰাকী প্ৰতিপক্ষৰ হাতত ধৰাশায়ী হ’বলগীয়া হয় ৷
লগতে পঢ়ক : সোণৰ হৃদয় : প্ৰশিক্ষণৰ সময়ত যাতায়াতত সহায় কৰা ট্ৰাক চালকক কৃতজ্ঞতা মীৰাবাঈ চানুৰ