স্পৰ্টছ ডেস্ক, 16 জুন : পৰ্বতাৰোহী প্ৰেমলতা আগৰৱালৰ ঝাৰখণ্ডৰ জামছেদপুৰৰ বাসগৃহৰ পৰা চুৰি হৈছে তেওঁৰ পদ্মশ্ৰী বঁটা ৷ লগতে অচিনাক্ত দুৰ্বৃত্তই চুৰি কৰি নিছে ৰূপৰ মুদ্ৰা, কম্পিউটাৰৰ সামগ্ৰী আৰু 20,000 টকাৰ নগদ ধন ৷
পৰ্বতাৰোহী গৰাকীৰ স্বামী বিমল আগৰৱালে কয়, "সোমবাৰে পুৱা 5 বজাত ঘৰত উপস্থিত হোৱাৰ পাচতে আমি চুৰি সম্পৰ্কত তথ্য লাভ কৰো ৷ ঘৰৰ সামগ্ৰীসমূহ সিঁচৰিত হৈ থকাৰ লগতে খিৰিকী এখন ভঙা অৱস্থাত উদ্ধাৰ হৈছে ৷ চোৰে ভেন্টিলেটৰৰ দ্বাৰা ঘৰত প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ৷"
ঘটনা সম্পৰ্কত আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ জাতে কয় যে, আগৰৱালৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি কাডমা আৰক্ষী থানাত এই সম্পৰ্কত এক গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে ৷
উল্লেখ্য যে, 2011 চনৰ মে' মাহত প্ৰেমলতা আগৰৱালে মাউন্ট এভাৰেষ্ট জয় কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ জৰিয়তে তেওঁ এভাৰেষ্ট জয় কৰা বয়োজ্যেষ্ঠ মহিলা হিচাপে পৰিগণিত হৈছিল ৷
লগতে পঢ়ক : লা লীগা : ইবাৰৰ বিৰুদ্ধে ৰিয়েল মাদ্ৰিদৰ জয় লাভ