স্পৰ্টছ ডেস্ক, ১ জানুৱাৰী : ক্ৰীড়ানুৰাগীসকলৰ বাবে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা এক মনোৰঞ্জনৰ আহিলা স্বৰূপ । এনেধৰণৰ ক্ৰীড়া অনুষ্ঠানবোৰ উপভোগ কৰিবলৈ ক্ৰীড়ানুৰাগীসকল আগ্ৰহেৰে অপেক্ষা কৰি থাকে । বিগত বৰ্ষৰ দৰে ২০২৪ বৰ্ষটো বহুকেইটা গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা আছে । এই বছৰ অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক ।
এএফচি এছিয়ান কাপ - ফুটবল
তাৰিখ : 12 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰী
২০২২ চনৰ ফিফা বিশ্বকাপ আয়োজন কৰাৰ পিছত কাটাৰে এছিয়ান কাপ, ২০২৪ আয়োজন কৰিবলৈ সাজু হৈছে । প্ৰতিযোগিতাখনত কেইবাটাও শক্তিশালী এছিয়ান দলে ইটোৱে সিটোৰ বিৰুদ্ধে শ্ৰেষ্ঠতাৰ যুঁজত অৱতীৰ্ণ হোৱা দেখা যাব । আনহাতে, ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় জনোৱাৰ বাবে ইয়াত এক ভাল সুযোগ গ্ৰহণ কৰিব পাৰে । এছিয়ান কাপৰ আগন্তুক সংস্কৰণত চিৰিয়া, উজবেকিস্তান আৰু অষ্ট্ৰেলিয়াৰ সৈতে একেটা গ্ৰিপত আছে ভাৰত ।
অষ্ট্ৰেলিয়ান অপেন - টেনিছ
তাৰিখ : 14 জানুৱাৰীৰ পৰা 28 জানুৱাৰী
প্ৰায় এবছৰ খেলৰ পৰা আঁতৰি থকাৰ পিছত বছৰটোৰ প্ৰথমখন গ্ৰেণ্ড শ্লেমৰ জৰিয়তে টেনিছ তাৰকা ৰাফেল নাডালৰ প্ৰত্যাৱৰ্তন ঘটিব । এটিপি পুৰুষৰ একক ৰেংকিঙত বাঁওহতীয়া খেলুৱৈগৰাকী শীৰ্ষ 100 তালিকাৰ পৰা বাদ পৰিছিল । টেনিছ বিশ্বই মেলবোৰ্ণৰ ৰড লেভাৰ এৰেনাত খিতাপৰ বাবে তাৰকা খেলুৱৈসকলৰ মাজৰ সমুখ সমৰ উপভোগ কৰিব পাব ।
আইচিচি অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপ
তাৰিখ : 19 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰী
বছৰটোৰ প্ৰথমটো মুখ্য ক্ৰিকেট প্ৰতিযোগিতা হিচাপে আহি আছে অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপ । ক্ৰিকেট অনুৰাগীয়ে এই প্ৰতিযোগিতাত কিছু উদীয়মান তাৰকাৰ উদ্ভাসিত প্ৰতিভাৰ প্ৰদৰ্শন দেখিবলৈ পাব ।
ফ্ৰেঞ্চ অপেন - টেনিছ
তাৰিখ : 20 মে'ৰ পৰা 9 জুন
ক্লে ক'ৰ্টৰ বিশেষজ্ঞ টেনিছ তাৰকা ৰাফেল নাডাল খেলপথাৰলৈ উভতিব । নাডাল হৈছে আটাইতকৈ বেছিসংখ্যক ফ্ৰেঞ্চ অপেন খিতাপ বিজয়ী (14) টেনিছ খেলুৱৈ । তাৰকা খেলুৱৈগৰাকীয়ে পুনৰ নোভাক জকোভিচ, কাৰ্লোছ আলকাৰাজ, ডেনিল মেডভেডেভৰ দৰে বহু তাৰকা খেলুৱৈৰ মুখামুখী হ'ব ।
আইচিচি পুৰুষ টি-২০ বিশ্বকাপ
তাৰিখ : 4 জুনৰ পৰা 30 জুন
আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰতিবছৰে আইচিচি পুৰুষ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰে । ২০২৪ বৰ্ষও তাৰ পৰা পৃথক নহয় । এইবাৰৰ এই আইচিচি ইভেণ্টটো পুনৰবাৰ দেশবাসীৰ চৰ্চাত থাকিব । কিয়নো মেন ইন ব্লুৱে ১০ বছৰতকৈও অধিক সময়ৰ পিছত আইচিচি খিতাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব ।
ইউৰো কাপ - ফুটবল
তাৰিখ : 14 জুনৰ পৰা 14 জুলাই
ফুটবল অনুৰাগীসকলে এক উত্তেজনাপূৰ্ণ ফুটবল প্ৰদৰ্শনৰ সাক্ষী হোৱাৰ সুযোগ পাব । কিয়নো উচ্চ মানদণ্ডৰ ইউৰোপিয়ান ফুটবল দলবোৰে ৰূপালী ট্ৰফী হস্তগত কৰাৰ বাবে দুই ভৰিৰ যুঁজত অৱতীৰ্ণ হ'ব । এই প্ৰতিযোগিতাত ক্ৰিষ্টিয়ানো ৰোনাল্ডো, কেলিয়ান এমবাপে, কৰিম বেঞ্জেমা আৰু ৰবাৰ্ট লেভানডস্কিৰ দৰে তাৰকাই অংশগ্ৰহণ কৰিব । লগতে ৰোনাল্ডোৱে হয়তো তেওঁৰ কেৰিয়াৰৰ অন্তিমখন ইউৰো কাপ খেলিব পাৰে । তেনে ক্ষেত্ৰত তেওঁ আকাংক্ষিত ট্ৰফীটো জয় কৰিব বিচাৰিব ।
উইম্বলডন - টেনিছ
তাৰিখ : 1 জুলাইৰ পৰা 14 জুলাই
অলিম্পিকৰ পূৰ্বে টেনিছ খেলুৱৈসকলে গ্ৰেণ্ড শ্লেমৰ জৰিয়তে গ্ৰাছ কোৰ্টত খেলাৰ জৰিয়তে অলিম্পিকলৈ প্ৰস্তুতি চলোৱাৰ সুযোগ পাব । কাৰ্লোছ আলকাৰাজে তেওঁৰ খিতাপ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব । কিন্তু এইটো তেওঁৰ বাবে এক কঠিন প্ৰত্যাহ্বান হ'ব । কিয়নো তেওঁ বহুকেইগৰাকী শ্ৰেষ্ঠ খেলুৱৈৰ সন্মুখীন হ'ব ।
অলিম্পিক
তাৰিখ : 26 জুলাইৰ পৰা 11 আগষ্ট
২০২৩ বৰ্ষৰ এছিয়ান গেমছত ঐতিহাসিক প্ৰদৰ্শনৰ পিছত ভাৰতে বিশ্ব পৰ্যায়ত সফলতাৰ নতুন উচ্চতা অৰ্জন কৰিব বিচাৰিব । এই বছৰ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা পেৰিছ অলিম্পিক আৰু পেৰা অলিম্পিক গেমছ অনুষ্ঠিত হ'ব । অলিম্পিক ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ'ব । 19 দিনীয়া এই প্ৰতিযোগিতাখনত 329 টা ইভেণ্ট অনুষ্ঠিত হ'ব, য'ত 10,500 খেলুৱৈয়ে 32 টা ক্ৰীড়া বিভাগত অংশগ্ৰহণ কৰিব ।
ইউ এছ অপেন - টেনিছ
তাৰিখ : 26 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰ
নিউয়ৰ্কৰ ফ্লাশিং মেডোজৰ আইকনিক বিলি জিন কিং নেচনেল টেনিছ চেণ্টাৰত অনুষ্ঠিত হ'বলগীয়া ইউএছ অপেন হৈছে বিশ্বৰ আটাইতকৈ পুৰণি ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা । অৱশ্যে কিছু খেলুৱৈয়ে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিব পাৰে । কিয়নো অলিম্পিক শেষ হোৱাৰ ঠিক পিছতে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।
বিডব্লিউএফ ৱৰ্ল্ড ট্যুৰ ফাইনেল
তাৰিখ : 11 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰ
বছৰটোৰ শেষত বেডমিণ্টন অনুৰাগীসকলে চীনৰ হাংঝৌত শীৰ্ষ শ্বাটলাৰসকলৰ ৰেকেটৰ যুঁজ দেখিবলৈ পাব ।