ETV Bharat / sports

খেলো ইণ্ডিয়াত পুনৰ অসমলৈ স্বৰ্ণপদক - অসমত খেল' ইণ্ডিয়া

বক্সিঙত অসমৰ হৈ স্বৰ্ণ পদক অৰ্জন কৰিলে অংকুশিতা বড়োই ৷

sports boxer ankushita bodo wins Gold in khelo India
অংকুশিতা বড়োৰ স্বৰ্ণ পদক অৰ্জন
author img

By

Published : Jan 22, 2020, 4:25 PM IST

গুৱাহাটী,22 জানুৱাৰীঃ খেলো ইণ্ডিয়াত বক্সিঙত অসমৰ স্বৰ্ণ অৰ্জন ৷ স্বৰ্ণ পদক অৰ্জন কৰিলে অসমৰ প্ৰতিভাশালী খেলুৱৈ অংকুশিতা বড়োৱে ৷ ৬৪ কিলোগ্ৰাম ওজনৰ শাখাৰ বক্সিঙৰ ফাইনেল মেচত অংকুশিতা বড়োই হাৰিয়ানাৰ মানিশাক পৰাস্ত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে । অংকুশিতাই হাৰিয়ানাৰ খেলুৱৈ গৰাকীক পৰাস্ত কৰি বক্সিঙত অসমক প্ৰথমটো স্বৰ্ণ পদক দিবলৈ সক্ষম হয় । নিজৰ আক্ৰমণাত্মক প্ৰদর্শনৰ জৰিয়তে বক্সিঙত অসমক প্ৰথমটো স্বৰ্ণ পদক দিবলৈ সক্ষম হয় অংকুশিতা বড়োয়ে ৷

অংকুশিতা বড়োৰ স্বৰ্ণ পদক অৰ্জন

বক্সিঙৰ ফলাফলৰ ক্ষেত্ৰত অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপিত হৈ থকাৰ ফলত অসমে স্বৰ্ণ পদক লাভ কৰিব নে নাই ইয়াকে লৈ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে সন্দেহ প্ৰকাশ কৰিছিল যদিও অৱশেষত স্বৰ্ণ লাভ কৰি অসমলৈ সুখবৰটো কঢ়িয়াই আনে অংকুশিতা বড়োৱে ৷ উল্লেখযোগ্য যে, খেলো ইণ্ডিয়া বক্সিঙৰ ছেমি ফাইনেল খেলাৰ বাবে অসমৰ ১৯ গৰাকীকৈ খেলুৱৈয়ে যোগ্যতা অর্জন কৰিছিল যদিও ইয়াৰে ৫ গৰাকী খেলুৱৈ ফাইনেল খেলে আৰু অংকুশিতাই অসমৰ হৈ একমাত্ৰ স্বৰ্ণ পদক লাভ কৰে।

লগতে পঢ়কঃদিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে

Intro:তৃতীয় খেলো ইণ্ডিয়া বক্সিঙত অসমক স্বৰ্ণ দিলে অংকুশীতা বড়োই। বক্সিঙত অসমৰ হৈ একমাত্ৰ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ'ল অংকুশীতা বড়ো। অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগৰ মাজতে এইবাৰ অংকুশীতাৰ পক্ষত আহিল ফলাফল।

Body:তৃতীয় খেলো ইণ্ডিয়াৰ মহিলাৰ ৬৪ কেজি ওজনৰ শাখাৰ বক্সিঙৰ ফাইনেল মেচত অসমৰ অংকুশীতা বড়োই হাৰিয়ানাৰ মানিশাক পৰাস্ত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। অংকুশীতাই হাৰিয়ানাৰ খেলুৱৈ গৰাকীক পৰাস্ত কৰি বক্সিঙত অসমক প্ৰথমটো স্বৰ্ণ পদক দিবলৈ সক্ষম হয়। খেলৰ অন্তত বিজয় ঘোষণাৰ পিছতে আনন্দত নিগৰি আহে অংকুশীতাৰ চকুলো। অংকুশীতাৰ মেচখনে আছিল খেলো ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাৰ অসমৰ অন্তমটো মেচ। অসমে বক্সিঙত এটাও স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম নোহোৱাত নিজৰ মেচখনক লৈ অংকুশীতা কিছু চাপত আছিল যদিও নিজৰ আক্ৰত্মক প্ৰদর্শনেৰে অংকুশীতা মেচখনত বিজয় হয়। বক্সিঙৰ ফলাফলৰ ক্ষেত্ৰত অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপিত হৈ থকাৰ ফলত অসমে স্বৰ্ণ পদক লাভ কৰিব নে নাই ইয়াকে লৈ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে সন্দেহ প্ৰকাশ কৰিছিল যদিও অৱশেষত অংকুশীতাই স্বৰ্ণ লাভ কৰে।

বাইট : অংকুশীতা বড়ো

Conclusion:উল্লেখযোগ্য যে খেলো ইণ্ডিয়া বক্সিঙৰ ছেমি ফাইনেল খেলাৰ বাবে অসমৰ ১৯ গৰাকীকৈ খেলুৱৈয়ে যোগ্যতা অর্জন কৰিছিল যদিও ইয়াৰে ৫ গৰাকী খেলুৱৈ ফাইনেল খেলে আৰু অংকুশীতাই অসমৰ হৈ একমাত্ৰ স্বৰ্ণ পদক লাভ কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.