ETV Bharat / sports

SAFF Championship 2023: ছাফ চেম্পিয়নশ্বিপ; পেনাল্টি শ্বুট আউটত কুৱেইটৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়লাভ ভাৰতৰ

author img

By

Published : Jul 5, 2023, 8:42 AM IST

ছাফ চেম্পিয়নশ্বিপত খিতাপ দখল কৰিলে ভাৰতীয় ফুটবল দলে ৷ মঙলবাৰে অনুষ্ঠিত হোৱা ছাফ চেম্পিয়নশ্বিপৰ শ্বাসৰুদ্ধকৰ চূড়ান্ত মেচখনত কুৱেইটক হৰুৱাই খিতাপ দখল কৰে ভাৰতীয় দলটোৱে ৷

India SAFF Championship champion 2023
ছাফ চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ

স্পৰ্টছ ডেস্ক, 5 জুলাই : ৰোমাঞ্চকৰ জয়েৰে ছাফ চেম্পিয়নশ্বিপত খিতাপ দখল কৰিলে ভাৰতীয় ফুটবল দলে ৷ মঙলবাৰে অনুষ্ঠিত হোৱা ছাফ চেম্পিয়নশ্বিপৰ শ্বাসৰুদ্ধকৰ চূড়ান্ত মেচখনত কুৱেইটক হৰুৱাই খিতাপ দখল কৰে ভাৰতীয় দলটোৱে ৷

ছাফ চেম্পিয়নশ্বিপ 2023ৰ চূড়ান্ত খেলত ভাৰতে কুৱেইটক পেনাল্টি শ্বুট আউটত 5-4 গ’লত পৰাস্ত কৰে ৷ লগতে ছাফ চেম্পিয়নৰ খিতাপ দখল কৰে ভাৰতে ৷ বাংগালুৰুত অনুষ্ঠিত এই মেচখনত দুয়োটা দলে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মকভাৱে নিজৰ খেল প্ৰদৰ্শন কৰিছিল ৷ নিৰ্ধাৰিত 90 মিনিটত দুয়োটা দলৰ স্ক’ৰ আছিল 1-1 ৷ ফলত মেচখন অতিৰিক্ত সময়ৰ বাবে খেলুৱা হয় ৷ অতিৰিক্ত সময়ত দুয়োটা দলে আক্ৰমণাত্মকভাৱে খেল প্ৰদৰ্শন কৰিছিল যদিও এটা দলেও গ’ল দিবলৈ সক্ষম নহ’ল ৷ ফলত খেলখন পেনাল্টি শ্বুট আউটলৈ যায় ৷

লগতে পঢ়ক: Uniform Civil Code : সমান নাগৰিক সংহিতাই দেশক বান্ধি ৰাখিব; উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ৰ

ভাৰতৰ তাৰকা ষ্ট্ৰাইকাৰ সুনীল ছেত্ৰীয়ে প্ৰথমটো গ'ল কৰি ভাৰতক আগুৱাই নিয়ে ৷ ভাৰতীয় ফুটবলৰ দেৱাল হিচাপে পৰিচিত গ'ল ৰক্ষক গুৰপ্ৰীত সিং সান্ধুৱে কুৱেইটৰ প্ৰথম পেনাল্টি ষ্ট্ৰোক ৰক্ষা কৰে ৷ প্ৰথম ষ্ট্ৰোক হেৰুওৱাৰ পিছত, কুৱেইটে একেৰাহে ষ্ট্ৰোকত গ'ল কৰে ৷ খেলখন জয়লাভ কৰিবলৈ ভাৰতে কুৱেইটৰ অন্তিম ষ্ট্ৰোক ৰক্ষা কৰিব লগা হৈছিল ৷ ভাৰতৰ এই সাফল্যৰ মূলতে আছে গ’লৰক্ষক গুৰপ্ৰীত সিং সান্ধু ৷

এইদৰে ভাৰতীয় দলটোৱে পেনাল্টি শ্বুট আউটত কুৱেইটক 5-4 গ’লত পৰাস্ত কৰি নৱমবাৰৰ বাবে ছাফ চেম্পিয়ন হয় ৷ লেবাননৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনৰ দৰেই ফাইনেল মেচতো ভাৰতৰ জয়ৰ নায়ক আছিল গ’লৰক্ষক গুৰপ্ৰীত সিং সান্ধু ৷ যিয়ে কুৱেইটক কেইবাবাৰো গ’ল দিয়াৰ পৰা ৰক্ষা কৰাৰ লগতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল ৷ উল্লেখযোগ্য যে, 2023 চনৰ ছাফ চেম্পিয়নশ্বিপত ভাৰত এখনো মেচত পৰাস্ত হোৱা নাছিল ৷

লগতে পঢ়ক : Inland water transport department terminal: বগীবিলত নিৰ্মাণ হ’ব অত্যাধুনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ টাৰ্মিনেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.