স্পৰ্টছ ডেস্ক, ১০ নৱেম্বৰ : পুনৰ ভাৰতীয় খেলুৱৈ সুনাম অৰ্জন । এইবাৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত ভাৰতৰ পদক অৰ্জন । পোলেণ্ডত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পোৰ্ট ফেডাৰেচন (ISSF)ৰ প্ৰেচিডেণ্টছ কাপ । এই প্ৰতিযোগিতাত ভাৰতীয় শ্বুটাৰে ৫টা কৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
পদক অৰ্জন কৰা আটাইকেইগৰাকী খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । উল্লেখ্য যে, প্ৰতিযোগিতাত ভাৰতৰ মনু ভাকাৰ, ৰাহি চাৰ্নোবাট, সৌৰভ চৌধুৰী আৰু অভিষেক বাৰ্মাই পদক লাভ কৰে । টুইটযোগে খেলুৱৈ কেইগৰাকীক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰীয়ে ।
প্ৰধানমন্ত্ৰীগৰাকীৰ মতে তেওঁলোকৰ বাবে আজি সমগ্ৰ দেশবাসী গৌৰৱান্বিত । মঙলবাৰে ৰাহি চাৰ্নোবাটে (Rahi Sarnobat) প্ৰেচিডেণ্টছ কাপত (President's Cup) মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ৰূপৰ পদক অৰ্জন কৰে । ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল মিক্সড টীম প্ৰতিযোগিতাত তুৰ্কীৰ ওজগুৰ ভাৰ্লিকৰ সৈতে অন্তিম দিনা মনু ভাকাৰে (Manu Bhaker) দ্বিতীয়টো স্বৰ্ণ লাভ কৰে ।
মনুৱে ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ দ্বিতীয় দিনা ইৰাণৰ জাভড়ফোহিৰ সৈতে অংশীদাৰীত্ব কৰি ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীমৰ খিতাপ অৰ্জন কৰিছিল । পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত সৌৰভ চৌধুৰীয়ে (Saurabh Chaudhary) ব্যক্তিগত ৰূপ আৰু অভিষেক বাৰ্মাই (Abhishek Verma) ব্যক্তিগত ব্ৰঞ্জৰ পদক লাভ কৰে ।
লগতে পঢ়ক :ভাৰতীয় টি-20 দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা