স্প’ৰ্টছ ডেস্ক, 19 জুলাই : টকিঅ’ অলিম্পিকত পুনৰ তিনিগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড ভাইৰাছ ৷ অলিম্পিক সংস্থাৰে জড়িত এজন কৰ্মচাৰী আৰু এজন ঠিকাদাৰৰ দেহত সোমবাৰে ধৰা পৰে ক’ভিড 19 ৷ বৰ্তমান গেমছ ভিলেজত কোৱাৰেইণ্টাইন হৈ আছে লোক দুজন ৷ আনহাতে ক’ৰণাত আক্ৰান্ত তৃতীয়গৰাকী ব্যক্তি এজন সাংবাদিক বুলি জানিব পৰা হৈছে ৷
সাংবাদিকগৰাকীয়ে সৰ্ববৃহৎ প্ৰতিযোগিতাখন সম্প্ৰচাৰ কৰাৰ বাবে আহি টকিঅ'ত 14 দিনৰ কোৱাৰেইণ্টাইনত আছিল ৷ টকিঅ’ অলিম্পিক আয়োজক সমিতিয়ে ক’ভিড ১৯ তালিকাৰ দৈনিক আপডেটত প্ৰকাশ কৰিছিল এই কথা ৷ অলিম্পিকত বৰ্তমানলৈ মুঠ 58 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19 ।
দেওবাৰে প্ৰথমে পোহৰলৈ আহে এই ঘটনা ৷ প্ৰথমে আক্ৰান্ত হোৱা দুয়োজন খেলুৱৈ দক্ষিণ আফ্ৰিকাৰ ফুটবল দলৰ আছিল । আয়োজকসকলে বৰ্তমানলৈ তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰা নাই ৷
কিন্তু দক্ষিণ আফ্ৰিকাৰ ফুটবল সংস্থাই এক বিবৃতিত প্ৰকাশ কৰে এই তথ্য ৷ ক’ভিড সংক্ৰমিত তৃতীয়গৰাকী এথলীট বৰ্তমান এখন হোটেলত আছে ৷ দেওবাৰে মুঠ 10 গৰাকীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছ ৷ ইয়াৰে পাঁচজন আয়োজক সমিতিৰ সদস্য, এজন ঠিকাদাৰ আৰু এজন সাংবাদিক ।
লগতে পঢ়ক : জামিয়া মিলিয়াৰ কবৰস্থানত কবৰস্থ কৰা হ’ল ডানিছ ছিদ্দিকীক