ETV Bharat / sports

টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ সঞ্চালকক বৰ্খাস্ত

এটা কমেডী শ্ব'ত জাপানৰ এটা ঐতিহাসিক দুখদায়ক ঘটনাক লৈ উপহাস কৰাৰ বাবে আয়োজক সমিতিয়ে বৰ্খাস্ত কৰিছে সঞ্চালক কেণ্টাৰো কোবায়াচীক (Kentaro Kobayashi) ।

author img

By

Published : Jul 22, 2021, 3:26 PM IST

lympic opening ceremony director fired
টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ সঞ্চালকক বৰ্খাস্ত

স্প’ৰ্টছ ডেস্ক, ২২ জুলাই : শুকুৰবাৰৰ পৰা জাপানৰ টকিঅ'ত আৰম্ভ হ'ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক (Olympic) । কিন্তু আৰম্ভ হোৱাৰ প্ৰাকমুহুৰ্তত বিতৰ্কত সোমাই পৰিছে টকিঅ' অলিম্পিক (Tokyo Olympic) । বৃহস্পতিবাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে বৰ্খাস্ত কৰা হৈছে টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ সঞ্চালকক । এটা কমেডী শ্ব'ত জাপানৰ এটা ঐতিহাসিক দুখদায়ক ঘটনাক লৈ উপহাস কৰাৰ বাবে আয়োজক সমিতিয়ে বৰ্খাস্ত কৰিছে সঞ্চালক কেণ্টাৰো কোবায়াচীক (Kentaro Kobayashi) ।

আয়োজক সমিতিৰ সভাপতি চেইকো হাচিমোটোৱে সাংবাদিকৰ আগত এই কথা ঘোষণা কৰাৰ লগতে তেওঁ কয় যে এটা কমেডী শ্ব'ত সঞ্চালকগৰাকীয়ে এটা বিশেষ ঘটনাক উপহাস কৰিছিল বুলি অভিযোগ উত্থাপন কৰে । যাৰ বাবে তেওঁক বৰ্খাস্ত কৰা হৈছে । উল্লেখ্য যে, দেশজুৰি সঞ্চালকগৰাকীৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছিল, য'ত তেওঁ উপহাসৰ কৰাৰ কথাটো স্পষ্ট হৈ পৰিছে ।

অৱশ্যে এই ভিডিঅ'টো ১৯৯৮ চনৰ এক অনুষ্ঠানৰ বুলি ধাৰণা কৰা হৈছে ।

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল সঞ্চালকগৰাকী । যাৰ বাবে তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয় আয়োজক সমিতিয়ে ।

ইফালে প্ৰায় এসপ্তাহ পূৰ্বে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল সংগীত পৰিচালক কেইগো ওয়ামাদাই (Musician Keigo Oyamada) । কেইগো ওয়ামাদাৰ সংগীত উদ্বোধনী অনুষ্ঠানত ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল । পূৰ্বে এগৰাকী সহপাঠীৰ সৈতে উৎপীড়নত লিপ্ত হোৱাৰ এক খবৰ শেহতীয়াকৈ বিয়পি পৰিছিল । বিশেষ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তেওঁ এই অনুষ্ঠানৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত হ'ব ২০৩২ৰ অলিম্পিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.