ETV Bharat / sports

সাক্ষী মালিকৰ মাতৃক ফোনযোগে ভাবুকি ব্ৰিজ ভূষণ বাহিনীৰ - WFI chief

WFI Controversy: সাক্ষী মালিকে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ সিঙে ফোন কলৰ জৰিয়তে মাতৃক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

Wrestlers protest
Sakshi Malik
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 8:29 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী: অন্ত পৰা নাই ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনত চলি থকা বিতৰ্কৰ ৷ বুধবাৰে সংস্থাটোৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙে মল্লযুঁজাৰু সাক্ষী মালিকৰ মাতৃক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ সাক্ষীয়ে অভিযোগ তুলিছে যে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্রাক্তন মুৰব্বীগৰাকীৰ সহযোগীসকলৰ পৰা একাধিক ফোন কল আহিছিল ৷

শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত সঞ্জয় সিঙক মল্লযুঁজ সংস্থাটোৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মল্লযুঁজাৰুসকলে । অৱশ্যে মল্লযুঁজ ফেডাৰেশ্যনৰ বিতৰ্কই বুধবাৰে এক নতুন মোৰ লয় ৷ কনিষ্ঠ মল্লযুঁজাৰুসকলে দাবী তুলিছে যে এই কাজিয়াখনৰ বাবেই তেওঁলোকৰ এটা বছৰ নষ্ট হ’ল ৷ তেওঁলোকে বজৰং পুনিয়া, বিনেশ ফোগট আৰু সাক্ষী মালিকৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে ৷

নিজা বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰি সাক্ষীয়ে অভিযোগ তোলে যে তেওঁৰ মাতৃয়ে ব্ৰিজ ভূষণ শৰণ সিঙৰ গুণ্ডা বাহিনীৰ পৰা যোৱা দুই-তিনিদিন ধৰি কেইবাটাও ভাবুকিপূৰ্ণ ফোনকল লাভ কৰিছে ৷

‘‘যোৱা দুই-তিনিদিন ধৰি ব্ৰিজ ভূষণ শৰণ সিঙৰ গুণ্ডাবাহিনী সক্ৰিয় হৈ পৰিছে ৷ মোৰ মাক তেওঁলোকে ফোনযোগে ভাবুকি প্ৰদান কৰিছে ৷ তেওঁলোকে ফোন কৰি কয় যে মোৰ পৰিয়ালৰ কোনোবা এগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হ’ব ৷ সামাজিক মাধ্যমত মানুহে আমাক অপদস্থ কৰিছে, কিন্তু তেওঁলোকে মনত ৰখা উচিত যে তেওঁলোকৰ ঘৰতো মাক-ভনীয়েক বা জীয়েক আছে ৷’’ সাক্ষীয়ে কয় ৷

তেওঁ লগতে কয় যে ব্রিজ ভূষণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙৰ বাহিৰে ডব্লিউ এফ আইৰ সৈতে তেওঁৰ কোনো সমস্যা নাই ৷

‘‘সঞ্জয় সিঙক বাদ দি মল্লযুঁজ ফেডাৰেশ্যনৰ সৈতে আমাৰ কোনো সমস্যা নাই ৷ সঞ্জয় সিং বিহীনভাৱে নতুন সমিতিখনে দায়িত্ব গ্ৰহণ কৰিলেও তাত আমাৰ ক’ব লগীয়া একো নাই ৷ তদৰ্থ সমিতিৰ সৈতেও আমাৰ একো সমস্যা নাই ৷’’ সাক্ষীয়ে কয় ৷

‘‘চৰকাৰ আমাৰ বাবে অভিভাৱকসদৃশ আৰু মই তেওঁলোকক অনুৰোধ জনাম যাতে মল্লযুঁজক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰে ৷ সঞ্জয় সিঙে কিদৰে আচৰণ কৰিছিল সেয়া সকলোৱে দেখিছে ৷ মই ফেডাৰেশ্যনত সঞ্জয় সিঙৰ হস্তক্ষেপ নিবিচাৰোঁ ৷ মই মাত্ৰ এটা অনুৰোধহে কৰিব পাৰোঁ ৷ যদি মন্ত্ৰণালয়ে তেওঁক বাতিল কৰে, তেন্তে সেয়া নিশ্চয় ভাল হ’ব ৷ নিৰ্বাচনৰ পিচত ব্ৰিজ ভূষণে কিদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে সেয়া সকলোৱে দেখিছে ৷ তেওঁ কোনো প্ৰতিনিধি উপস্থিত নথকাকৈয়ে নিজৰ ঘৰত জুনিয়ৰ নেশ্যনেলৰ ঘোষণা কৰিলে ৷’’ মল্লযুঁজাৰুগৰাকীয়ে কয় ৷

তেওঁ ক্ৰীড়া প্ৰশানসত থাকিব বিচাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ পোনপটীয়াকৈ ইয়াৰ বিৰোধিতা কৰে ৷ ‘‘মই অস্থিৰ হৈ আছোঁ ৷ আমি মাত্ৰ নবাগত মল্লযুঁজাৰুসকলৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছোঁ ৷ এতিয়া মোৰ মনত সেই আকাংক্ষা নাই ৷ আমি জুনিয়ৰ খেলুৱৈসকলক পৰাজয়ৰ বাবে দোষাৰোপ কৰাটো ভুল ৷ যদি ইয়াত মহিলাক জড়িত কৰোৱা যায়, সেয়া নিশ্চয় ভাল হ’ব ৷’’ সাক্ষীয়ে শেষত কয় ৷

লগতে পঢ়ক: কুস্তিবিদৰ কাহিনীত টুইষ্ট: এইবাৰ বজৰং-সাক্ষী-বিনেশৰ বিৰুদ্ধে মল্লযোদ্ধাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.