স্পৰ্টছ ডেস্ক, 6 জুনঃ শুকুৰবাৰে কিংবদন্তি বাস্কেটবল খেলুৱৈ মাইকেল জৰ্ডানৰ এক বিশেষ ঘোষণা । জাতিগত সমতা,সামাজিক ন্যায়,শিক্ষা ব্য়ৱস্থা অধিক সূদূৰ প্ৰসাৰী সুনিশ্চিত কৰিবলৈ আগন্তুক 10 টা বৰ্ষত 100 মিলিয়ন আমেৰিকান ডলাৰ খৰচ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান খেলুৱৈগৰাকীৰ ।
আমেৰিকাত এগৰাকী আৰক্ষী কৰ্মীৰ দ্বাৰা বৰ্বতাৰে জৰ্জ ফ্লয়েড নামৰ কৃষ্ণাংগ লোকজনক হত্য়া কৰা পাচতেই আমেৰিকাত উদ্ভৱ হোৱা 'Black Lives Matter' প্ৰতিবাদৰ পাচতেই এই ঘোষণা খেলুৱৈগৰাকীৰ ।
ছয়বাৰৰ NBA চেম্পিয়ন মাইকেল জৰ্ডান আৰু জৰ্ডান ব্ৰেণ্ডে এই খৰচ বহন কৰিব বুলি জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে সোমবাৰে লোকজনৰ হত্যাকাণ্ডত শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাই তেওঁক ক্ষোভিত কৰি তুলিছিল বুলি উল্লেখ কৰিছিল । সেয়েহে সমাজত জাতিগত সমতা,সামাজিক ন্যায়, শিক্ষা ব্য়ৱস্থা অধিক সূদূৰ প্ৰসাৰী কৰিবলৈ এই ধনৰাশী ব্য়য়ৰ কথা ঘোষণা কৰিছে খেলুৱৈগৰাকীয়ে ।
লগতে চাওকঃ স্থান দখলেৰে শিলচৰলৈ গৌৰৱ কঢ়িয়ালে দুগৰাকী ছাত্ৰীয়ে