ETV Bharat / sports

পুত্ৰৰ জন্মদিন : দিল্লী আৰক্ষীলৈ ধন্যবাদ মেৰী কমৰ

বৃহস্পতিবাৰে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এটা ভিডিঅ' । য'ত দেখা পোৱা গৈছিল মেৰী কমৰ সন্তান প্ৰিন্স কমৰ জন্মদিনৰ বাবে দিল্লী আৰক্ষীয়ে নতুন দিল্লীৰ বাসগৃহলৈ কেক্ লৈ অনা দৃশ্য ।

author img

By

Published : May 15, 2020, 2:20 PM IST

Mary Kom thanks Delhi Police for making son's birthday 'special'

নতুন দিল্লী, ১৫ মে': পুত্ৰৰ জন্মদিন বিশেষ কৰি তুলাৰ বাবে দিল্লী আৰক্ষীলৈ ধনব্যাদ জ্ঞাপন ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ । ভাৰতীয় বক্সাৰগৰাকীয়ে বৃহস্পতিবাৰে দিল্লী আৰক্ষীক ধন্যবাদ জনাই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াত । য'ত মেৰী কমৰ দিল্লী অৱস্থিত গৃহলৈ দিল্লী আৰক্ষীয়ে মেৰী কমৰ পুত্ৰ প্ৰিন্স কমৰ জন্মদিন উপলক্ষে কেক্ লৈ অনা দৃশ্য দেখা পোৱা গৈছিল ।

মেৰী কমে দিল্লী চেণ্ট্ৰেল আৰক্ষীক তেওঁৰ জেষ্ঠ পুত্ৰৰ জন্মদিন বিশেষ কৰি তুলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকক সন্মুখৰ পৰা যুঁজ দিয়া প্ৰকৃত যুদ্ধা অভিহিত কৰি তেওঁলোকৰ সমৰ্পণ, প্ৰতিবদ্ধতাক চেল্যুট বুলি এক টুইট প্ৰদান কৰিছিল ।

উল্লেখ্য যে, মেৰী কমে ইয়াৰ পূৰ্বে বক্সিং ফেডাৰেচন দ্বাৰা আয়োজন কৰা এটি ইণ্টাৰেক্টিভ অধিৱেশনত অংশ গ্ৰহণ কৰিছিল । য'ত তেওঁ কেনেকৈ স্মাৰ্টভাৱে কাম কৰাৰ গুৰুত্ব সম্পৰ্কে সচেতন হ'বলৈ সক্ষম হৈছিল তাৰ বিষয়ে মত-বিনিময় কৰিছিল । তেওঁ কৈছিল চিকিৎসক আৰু ফিজিয়'থেৰেপিষ্টৰ সম্পৰ্কলৈ আহিয়ে, তেওঁলোকৰ সৈতে আলোচনা কৰিয়ে শৰীৰৰ বিষয়ে জানিবলৈ সুবিধা লাভ কৰা কথা । লগতে কৈছিল কেনেকৈ শাৰীৰিক অনুশীলনৰ জৰিয়তে বহু আঘাত ৰোধ কৰিবলৈ পাৰি । কাৰণ অস্ত্ৰোপ্ৰচাৰে সদায় একমাত্ৰ সমাধান নহয় । লগতে বহু পিচত এই কথা উপলব্ধি কৰা বুলি কয় কিংবদন্তি খেলুৱৈগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.