ETV Bharat / sports

দেশবাসীক ফিট থকাৰ মেৰী কমৰ ফিটনেছ মন্ত্ৰ !

author img

By

Published : Apr 28, 2020, 9:23 AM IST

দেশত বৰ্তমান ৩ মে' লৈ ঘোষণা কৰা হৈছে লক ডাউন । যাৰ বাবে ঘৰতে আৱদ্ধ থাকিবলগীয়া হৈছে বহু লোক । কিন্তু ঘৰৰ চাৰিবেৰৰ মাজত নিজকে কেনেকৈ সুস্থ থাকিব, তাৰ বাবে ভাৰতীয় বক্সাৰ তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে আগবঢ়াইছে ফিটনেছ মন্ত্ৰ ।

Mary Kom shares her fitness mantra to inspire people to stay fit amid COVID-19 crisis

স্পৰ্টছ ডেস্ক, ২৮ এপ্ৰিলঃ দেশত চলি থকা লক ডাউনৰ মাজত দেশবাসীক সুস্থ তথা ফিট থাকিবলৈ ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে আগবঢ়াইছে ফিটনেছ মন্ত্ৰ । লক ডাউনৰ মাজতো ঘৰৰ চাৰিবেৰৰ ভিতৰত কেনেকৈ নিজকে ফিট ৰাখিব পাৰি তাৰ বাবে ছ'চিয়েল মিডিয়াত খেলুৱৈগৰাকীয়ে শ্বেয়াৰ কৰিছে এক ফিটনেছ গুৰু মন্ত্ৰ ।

খেলুৱৈগৰাকীয়ে প'ষ্ট কৰি কৈছে- পৰিশ্ৰম কৰক, ভাল খাদ্য খাওক, ধৈৰ্য ধৰক । আপোনাৰ শৰীৰে আপোনাক পুৰস্কৃত কৰিব । #ফিট ইণ্ডিয়া#ফিট ইণ্ডিয়া মুভমেণ্ট #সচেতন থাকক, সুৰক্ষিত থাকক ।

উল্লেখ্য যে, এই বৰ্ষত অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিকত অংশ লোৱাৰ কথা আছিল মেৰী কম । কিন্তু মহামাৰী ফলত বৰ্তমান এই প্ৰতিযোগিতা অহা বছৰলৈ স্থানান্তৰ কৰা হৈছে ।

অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী মেৰী কমে নিখত জৰীণক নতুন দিল্লীত অনুষ্ঠিত হোৱা অলিম্পিক কোৱালিফায়াৰ্ছৰ ট্ৰাইলত যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত পৰাস্ত কৰি টকিঅ' অলিম্পিকলৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । ৫১ কিলোগ্ৰাম শাখাত মেৰি কমে প্ৰতিদ্বন্দি খেলুৱৈ জৰীণক ৯-১ ব্যৱধানত পৰাস্ত কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.