স্পৰ্টছ ডেস্ক, 18 ফেব্ৰুৱাৰীঃ ঘোষণা হ’ল লাৰেছ স্পৰ্টছ এৱাৰ্ড ৷ টাইগাৰ ৱুডছ, ৰাফেল নাডাল আদিৰ দৰে খেলুৱৈক চেৰ পেলাই ‘‘স্পৰ্টছমেন অফ দ্য ইয়াৰৰ এৱাৰ্ড’’ দখল আৰ্জেন্টিনাৰ ফুটবলাৰ লিয়নেল মেছীৰ লগতে 6 বাৰৰ ফৰ্মুলা ৱানৰ খিতাপ জয় কৰা লুইছ হেমিল্টনৰ ৷ ইপিনে লাৰেছ 20 স্পৰ্টিং মুমেণ্ট 2000-2020 ৰ বঁটা লাভ কৰে ভাৰতৰ শচীন তেণ্ডুলকাৰে ৷
জানিব পৰা মতে, স্পৰ্টছমেন অফ দ্য ইয়াৰৰ এৱাৰ্ড ৰ বাবে মেছী আৰু হেমিল্টনে সমান সংখ্যক ভোট পাবলৈ সক্ষম হৈছিল ৷ যাৰ বাবে যুটীয়া ভাৱে দুয়োকে প্ৰদান কৰা হয় এই সন্মান ৷ বিগত 20 বছৰৰ পৰা প্ৰদান কৰি অহা হৈছে এই লাৰেছ স্পৰ্টছ এৱাৰ্ড আৰু এইয়াই পোন প্ৰথমবাৰৰ বাবে যুটীয়া ভাৱে প্ৰদান কৰা হৈছে এই স্পৰ্টছমেন অফ দ্য ইয়াৰৰ এৱাৰ্ড ৷ অৱশ্যে এই অনুষ্ঠানত অনুপস্থিত থাকে লিয়নেল মেছী ৷
-
Lionel Messi becomes the first footballer to receive the #Laureus20 World Sportsman of the Year award 👏
— FIFA.com (@FIFAcom) February 17, 2020 " class="align-text-top noRightClick twitterSection" data="
🔵🔴 Here's what it means to the @FCBarcelona star & reigning #TheBest FIFA Men's Player 👇 https://t.co/0bCx57zeyp
">Lionel Messi becomes the first footballer to receive the #Laureus20 World Sportsman of the Year award 👏
— FIFA.com (@FIFAcom) February 17, 2020
🔵🔴 Here's what it means to the @FCBarcelona star & reigning #TheBest FIFA Men's Player 👇 https://t.co/0bCx57zeypLionel Messi becomes the first footballer to receive the #Laureus20 World Sportsman of the Year award 👏
— FIFA.com (@FIFAcom) February 17, 2020
🔵🔴 Here's what it means to the @FCBarcelona star & reigning #TheBest FIFA Men's Player 👇 https://t.co/0bCx57zeyp
ইপিনে আমেৰিকাৰ মহিলা জিমনাষ্ট খেলুৱৈ ছিমনা বাইল্ছক ‘লাৰেছ ৱৰ্ল্ড স্পৰ্টছ ৱুমেন অফ দ্য ইয়াৰ’ৰ খিতাপ প্ৰদান কৰা হয় ৷ বিগত চাৰিটা বৰ্ষত এইয়া তেওঁৰ তৃতীয়টো পুৰস্কাৰ ৷
বঁটা লাভ কৰা অন্যান্য খেলুৱৈ সকল-
- স্ন’বাৰ্ডছ ক্লাই কিমক ‘লাৰেছ ৱৰ্ল্ড এক্সন স্পৰ্টছপাৰ্চন অফ দ্য ইয়াৰ’ৰ বঁটা প্ৰদান
- নিউয়ৰ্কৰ ফুটবলাৰ প্ৰ’গ্ৰাম চাউথ ব্ৰান্স ইউনাইটেডক ‘স্পৰ্টছ ফৰ গুড এৱাৰ্ড’ প্ৰদান
- জাৰ্মানীৰ ফৰ্মুলা 3 ৰ চালক ছফিয়া ফ্ল’ৰ্ছক ৱৰ্ল্ড ‘কামৱেক অফ দ্য ইয়াৰ’ৰ সন্মান
- দিব্যাংগ বৰ্গত ‘লাৰেছ স্পৰ্টছপাৰ্চন অফ দ্য ইয়াৰ’ৰ সন্মান আমেৰিকাৰ স্কিইংগ চেম্পিয়ন অ’কছানা মাষ্টাৰ্ছক
- ‘ৱৰ্ল্ড ব্ৰেকথ্ৰু অফ দ্য ইয়াৰ’ৰ বঁটা লাভ ক’লম্বিয়াৰ চাইকেলিষ্ট এগন বৰ্নাল
- 2019 ৰগ্বী ৱৰ্ল্ড কাপ বিজয়ী দক্ষিণ আফ্ৰিকা দলক দ্বিতীয়বাৰৰ বাবে ‘লাৰেছ ৱৰ্ল্ড টীম অফ দ্য ইয়াৰ’ৰ বঁটা প্ৰদান