স্পৰ্টছ ডেস্ক, ১০ জুলাই : ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত উদ্ভাসিত হৈছে আন এগৰাকী যুৱ খেলুৱৈ । ভৱিষ্যতৰ বিশ্ব বেডমিণ্টন তাৰকাৰ প্ৰতিশ্ৰুতি বহন কৰা এইগৰাকী উদীয়মান শ্বাটলাৰে এইবাৰ সকলোৰে দষ্টি আকৰ্ণ কৰিবলৈ সক্ষম হৈছে কানাডা অপেনত । কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী ভাৰতৰ লক্ষ্য সেনে চীনৰ অল ইংলেণ্ড চেম্পিয়ন লি ছি ফেংক (বিশ্বৰ ১০ নম্বৰ) ২১-১৮, ২২-২০ ব্যৱধানত পোনপটীয়া গেমত পৰাস্ত কৰি কানাডা অপেন ২০২৩-ত পুৰুষৰ একক খিতাপ অৰ্জন কৰে । এইটো হৈছে লক্ষ্যৰ দ্বিতীয় বিডব্লিউএফ ৱৰ্ল্ড ট্যুৰ ৫০০ খিতাপ । তেওঁ ইয়াৰ পূৰ্বে ২০২২ চনৰ জানুৱাৰীত ইণ্ডিয়া অপেন জয় কৰিছিল ।
-
21-year-old, Lakshya Sen wins Canada Open 2023
— ANI Digital (@ani_digital) July 10, 2023 " class="align-text-top noRightClick twitterSection" data="
Read @ANI Story | https://t.co/dIVTXcr3XW#LakshyaSen #Badminton #CandaOpen2023 pic.twitter.com/4WaYFEfc2u
">21-year-old, Lakshya Sen wins Canada Open 2023
— ANI Digital (@ani_digital) July 10, 2023
Read @ANI Story | https://t.co/dIVTXcr3XW#LakshyaSen #Badminton #CandaOpen2023 pic.twitter.com/4WaYFEfc2u21-year-old, Lakshya Sen wins Canada Open 2023
— ANI Digital (@ani_digital) July 10, 2023
Read @ANI Story | https://t.co/dIVTXcr3XW#LakshyaSen #Badminton #CandaOpen2023 pic.twitter.com/4WaYFEfc2u
উল্লেখ্য, লক্ষ্য সেনৰ বৰ্তমান ৱৰ্ল্ড ৰেংকিং হৈছে ১৯ । বিশ্বৰ ১৯ নম্বৰ স্থানৰ বেডমিণ্টন তাৰকাগৰাকীয়ে ৩২ ৰাউণ্ডত থাইলেণ্ডৰ বিশ্বৰ চাৰি নম্বৰ কুংলাভুত ৱিটিডচাৰ্ণক আৰু ছেমি ফাইনেলত বিশ্বৰ ১১ নম্বৰ স্থানৰ জাপানৰ কেণ্টো নিশিমোটোক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল ।
উল্লেখ্য যে লক্ষ্য সেন হৈছে এগৰাকী উদীয়মান ভাৰতীয় বেডমিণ্টন খেলুৱৈ । লক্ষ্য সেন বিশ্বৰ জুনিয়ৰ পৰ্যায়ৰ শীৰ্ষ স্থানৰ খেলুৱৈ আছিল । তেওঁ ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ল'ৰাৰ ছিংগলছত আৰু গ্ৰীষ্মকালীন যুৱ অলিম্পিকত মিক্সড দলৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল । লক্ষ্যই ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক জয় কৰিছিল । আনহাতে, ২০২২ চনত অল ইংলেণ্ড অপেনত ৰানাৰ্ছ-আপ হৈছিল । ২০২২ চনৰ থমাছ কাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল লক্ষ্য সেন । ইয়াৰ উপৰি তেওঁ 2022 চনৰ কমনৱেলথ গেমছত সোণৰ পদক জয় কৰিছিল ।
কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী ভাৰতৰ লক্ষ্য সেনক তেওঁৰ ক্ৰীড়া কৃতিত্বৰ বাবে ২০২২ চনৰ নৱেম্বৰত বেডমিণ্টনৰ অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল ।
উল্লেখ্য, উত্তৰাখণ্ডৰ আলমোৰাৰ ২১ বছৰীয়া লক্ষ্য সেন প্ৰকাশ পাডুকন বেডমিণ্টন একাডেমীৰ পৰা প্ৰশিক্ষিত । লক্ষ্য সেনে অতি কম বয়সতে বেডমিণ্টন খেলুৱৈ হিচাপে তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল ।
লগতে পঢ়ক :IND vs WI 2023 : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিব জয়ছোৱালে !