ETV Bharat / sports

জাষ্টিছ ফৰ জৰ্জ : ফ্লয়েডৰ মৃত্য়ুকলৈ আমেৰিকান খেলুৱৈ ষ্টিফেন, এডামছৰ শোক প্ৰকাশ - জাষ্টিছ ফৰ জৰ্জ

মঙলবাৰে "Enough is enough" শিৰোনামৰ এটি বিবৃতি প্ৰকাশ কৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ নিহত হোৱা ফ্লয়েড, ব্ৰেওনা টেইলৰ, আহমদ আৰবেৰী আৰু অন্যান্য আফ্ৰিকান আমেৰিকানক সন্মান জনায় আমেৰিকান চ'কাৰ খেলুৱৈ ষ্টিফেনে ।

Justice 4 George: US players Steffen, Adams express solidarity with Floyd

author img

By

Published : Jun 3, 2020, 1:21 PM IST

স্পৰ্টছ ডেস্ক, 3 জুনঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ চ'কৰা খেলুৱৈ জেক ষ্টিফেন আৰু লেপজিগ ফুটবল দলৰ টাইলেৰ এডামছে মঙলবাৰে আন বহুতো বুণ্ডেছলীগা খেলুৱৈৰ সৈতে মিলিত হৈ জৰ্জ ফ্লয়েডৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰে ।

"Enough is enough" শিৰোনামেৰে এক বিবৃতি প্ৰকাশ কৰি আৰক্ষীৰ বৰ্বৰতাৰ কাৰণে নিহত হোৱা ফ্লয়েড, ব্ৰেওনা টেইলৰ, আহমদ আৰবেৰী আৰু অন্যান্য আফ্ৰিকান আমেৰিকানক সন্মান জনায় জেক ষ্টিফেন নামৰ খেলুৱৈগৰাকীয়ে । 25 বছৰীয়া গ'লকিপাৰগৰাকীয়ে আমেৰিকা ৰাষ্ট্ৰীয় দলৰ পোছাক পৰিধান কৰা গৰ্বৰ কথা উল্লেখ কৰি এক প্ৰশ্ন উত্থাপন কৰি কয় যে, ইয়াৰ নেতা সকলে কিয় মোৰ দৰে দেখিবলৈ নাগৰিক সকলক ৰক্ষাবেক্ষণ প্ৰদান নকৰে ।

Justice 4 George: US players Steffen, Adams express solidarity with Floyd
জেক ষ্টিফেনৰ প্ৰতিক্ৰিয়া

উল্লেখ্য় যে, ফৰ্টুনা ডছেলডৰ্ফ দলৰ হৈ আমেৰিকাৰ হৈ প্ৰতিদ্বন্দিতা কৰি আহিছে ষ্টিফেনে । বৰ্তমান সময়ত আঘাত পোৱাৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে খেলুৱৈগৰাকী ।

তেওঁ টুইটাৰত কয়, যদি মই আমেৰিকাৰ পতাকা পিন্ধিবলৈ গৈ আছো তেন্তে মোৰ জনাৰ দৰকাৰ এইটো মোৰ প্ৰতিৰক্ষাৰ বাবে সক্ষম হয় নে নহয় । মই জানিব লাগিব যে, মোৰ দেশত কৃষ্ণাংগবৰণৰ জীৱনক মূল্য দিয়েনে ! আমাৰ নেতাই আমাক দেখুৱাব লাগে যে, তেওঁলোকে আমাৰ কথা শুনে । মই নিজৰ ৰাষ্ট্ৰ ৰক্ষা কৰাত গৰ্বিত । কেৱল মই এইটো জানিব বিচাৰো মোৰ ৰাষ্ট্ৰইও মোৰ ৰক্ষা কৰিব নে ।

ইয়াৰ পূৰ্বেও ষ্টিফেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক কটু বাক্যৰে কঠোৰ সমালোচনা কৰিছিল । ষ্টিফেনৰ লগতে লেপজিগৰ হৈ বুণ্ডেছলীগাত অংশগ্ৰহণ কৰা এডামছেও এই ঘটনাৰ বিৰোধীতা কৰি জাষ্টিছ ফৰ জৰ্জ বাৰ্তা প্ৰেৰণ কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.