স্পৰ্টছ ডেস্ক, 16 এপ্ৰিলঃ টকিঅ' অলিম্পিকৰ মাজত এবছৰতকৈও কম সময় থকাৰ মাজতেই ভাৰতীয় ক্ৰীড়াপ্ৰেমীলৈ আহিছে দু:খবৰ ৷ আঘাতৰ বাবে এছিয়ান চেম্পিয়নশ্বিপৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ডায়মণ্ড লীগৰ পৰা বাহিৰ হ'ল ভাৰতৰ জেবলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা ।
বৰ্তমান খেলুৱৈগৰাকী চিকিৎসকৰ তত্বাৱধানত আছে যদিও এক সপ্তাহৰ পাচতে জানিব পৰা যাব খেলুৱৈগৰাকীৰ আঘাতৰ নিৰাময়ৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰাৰ প্ৰয়োজন হ’ব নে নহয় ৷ পাটিয়ালত অনুশীলন কৰাৰ সময়তে কিলাকুটিত আঘাতৰ সন্মুখীন হৈছিল খেলুৱৈগৰাকী ৷ যাৰ বাবে ডোহাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হয় খেলুৱৈগৰাকী ৷ এতিয়া নীৰজৰ ক্ৰীড়া অনুৰাগীৰ আশা অতি সোনকালে সুস্থ হৈ অলিম্পিকৰ বাবে সাজু হৈ উঠক নীৰজ চোপ্ৰা ৷