স্পৰ্টছ ডেস্ক, 6 মাৰ্চ: বিশ্বব্যাপি ত্ৰাসৰ কাৰণ হৈ পৰিছে কৰ’ণা ভাইৰাছ ৷ ইয়াৰ পোনে-পোনে প্ৰভাৱ পৰিছে ক্ৰীড়াজগততো ৷ টকিঅ’ অলিম্পিক আয়োজনকলৈ অনিশ্চয়তাই বিৰাজ কৰাৰ মাজতেই স্থগিত কৰা হ’ল আইএছএছএফ বিশ্বকাপ প্ৰতিযোগিতা ৷ শুকুৰবাৰে ভাৰতীয় শ্বুটিং ৰাইফল সংঘই কৰ’ণা ভাইৰাছৰ বাবে এই প্ৰতিযোগিতা স্থগিত কৰাৰ কথা ঘোষণা কৰে ৷ ৰাজধানী নতুন দিল্লীত অহা 15 ৰ পৰা 25 মাৰ্চলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল এই বিশ্বকাপ প্ৰতিযোগিতা ৷
এনআৰএআইয়ে আন্তঃৰাষ্ট্ৰীয় শ্বুটিং খেল মহাসংঘক (ISSF) ক বিশ্বকাপত ৰাইফল আৰু পিষ্টল শাখাৰ আয়োজনৰ বাবে মঞ্জুৰি বিচাৰি এটা 5 ৰ পৰা 12 এপ্ৰিল আৰু এটা 2 ৰ পৰা 9 জুনলৈ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দাখিল কৰিছে ৷ বৰ্তমান আইএছএছএফে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিক শ্বুটিঙৰ অলিম্পিক যোগ্যতাৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনাইছে বুলি জানিবলৈ দিয়ে ৷
আইএছএছএফে এক বিবৃত্তি যোগে প্ৰকাশ কৰে যে, সমগ্ৰ বিশ্বৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে দেশৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ লগতে অলিম্পিক খেলত সকলো দেশৰ খেলুৱৈয়ে অংশগ্ৰহণৰ সুযোগ লাভ কৰে তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিকো অলিম্পিক যোগ্যতাৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ যদিহে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে এই অনুৰোধ ৰক্ষা কৰে তেন্তে ম্যুনিছ, জাৰ্মানী, বাকু আৰু অজৰবেজানত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ অলিম্পিক যোগ্যতাত ইয়াৰ প্ৰভাৱ পৰিব ৷