স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ : ড'হাত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সপ্তম স্থান দখল কৰে ভাৰতীয় মিক্সড 4x400 মিটাৰ ৰিলে দলে ৷ এই দলটোত আছিল দৌৰবিদ মহম্মদ আনছ, ভি.কে. বিছমায়া, জিছনা মেথিউ আৰু নোৱাহ নিৰ্মল ৷ সপ্তম স্থান দখল কৰিলেও 3:15:77 সময়েৰে ছিজনৰ শ্ৰেষ্ঠ সময়সীমাত প্ৰতিযোগিতা সমাপ্ত কৰে দলটোৱে ৷
![ভাৰতীয় মিক্সড ৰিলে দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4599302_1.jpg)
এই প্ৰতিযোগিতাত 3:09:34 সময়সীমাৰে আমেৰিকাই স্বৰ্ণ দখল কৰাৰ লগতে জামাইকা দলে দ্বিতীয় আৰু বাহৰেইনে তৃতীয় স্থান অধিকাৰ কৰে ৷ পোলেণ্ড, ব্ৰিটেইন আৰু বেলজিয়ামে ভাৰতৰ আগত স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপছৰ ফাইনেলত প্ৰৱেশ কৰাৰ পাছতে ভাৰতীয় মিক্সড ৰিলে দলটোৱে ট'কিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে ৷