ETV Bharat / sports

Indian Chess Star Praggnanandhaa : বিশ্ব চেম্পিয়ন হোৱাৰ সকলো দক্ষতা আৰু সম্ভাৱনা আছে মোৰ; প্ৰজ্ঞানন্দা - Viswanathan Anand

মই কেৱল এয়াই ক'ব পাৰোঁ, মোৰ বিশ্ব চেম্পিয়ন হোৱাৰ সকলো দক্ষতা আৰু সম্ভাৱনা আছে । আশাকৰোঁ মই কেইবছৰমানৰ ভিতৰত এই প্ৰতিযোগিতাখন জয় কৰিম ।

Indian Chess Star Praggnanandhaa
Indian Chess Star Praggnanandhaa
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 8:16 PM IST

স্পৰ্টছ ডেস্ক, ৪ ছেপ্টেম্বৰ : ৰমেশবাবু প্ৰজ্ঞানন্দা হৈছে ভাৰতীয় ক্ৰীড়াৰ নতুন পোষ্টাৰ বয় । বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনৰ সৈতে যোগ্য প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পিছত প্ৰজ্ঞানন্দাই কলকাতাৰ টাটা আন্তঃৰাষ্ট্ৰীয় দবা টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ কলকাতালৈ উৰা মাৰিছে ।

প্ৰতিযোগিতাৰ সময়তে প্ৰজ্ঞানন্দাই সময় উলিয়াই প্ৰায় ৪৫ মিনিট নিৰ্বাচিত সাংবাদিকৰ সৈতে কথা পাতে । এই সংবাদমেলত তেওঁৰ দবা জীৱনৰ বিষয়ে বহুতো অজ্ঞাত কথা পোহৰলৈ আহে ।

প্ৰশ্ন- বৰ্তমানৰ টাটা আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত আপোনাৰ সিদ্ধান্ত...

উত্তৰ- মই এই প্ৰতিযোগিতাৰ বিষয়ে বেছি চিন্তা কৰা নাই । আমাৰ দলটো যথেষ্ট শক্তিশালী । মই বৰ্তমান আৰাম কৰি আছোঁ ।

প্ৰশ্ন- বিশ্ব চেম্পিয়নশ্বিপৰ বিষয়ে আপোনাৰ চিন্তাধাৰাৰ বিষয়ে কিবা ক'বনে ?

উত্তৰ- মই কেৱল এয়াই ক'ব পাৰোঁ, মোৰ বিশ্ব চেম্পিয়ন হোৱাৰ সকলো দক্ষতা আৰু সম্ভাৱনা আছে । আশাকৰোঁ মই কেইবছৰমানৰ ভিতৰত এই প্ৰতিযোগিতাখন জয় কৰিম ।

প্ৰশ্ন- আপুনি প্ৰত্যাশাৰ চাপৰ সৈতে কেনেদৰে মোকাবিলা কৰিব ?

উত্তৰ- ইয়াত প্ৰত্যাশা বৃদ্ধি পাইছে । কাৰণ অনুৰাগী আৰু দেশবাসীয়ে মোক ভালপায় । কিন্তু মই ইয়াৰ বাবে চাপ অনুভৱ নকৰোঁ । মই প্ৰতিটো মুহূৰ্ত উপভোগ কৰিবলৈ চেষ্টা কৰোঁ আৰু প্ৰতিখন খেলতে মোৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিওঁ ।

প্ৰশ্ন- কিংবদন্তি কাৰ্লচেনৰ বিৰুদ্ধে খেলা আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অলপ কওক

উত্তৰ- অনলাইন দবা বা অফলাইন দবা, কাৰ্লচেন দুয়োটাতে যথেষ্ট শক্তিশালী । যদি আপুনি তেওঁৰ সৈতে মুখামুখীকৈ বহি থাকে, তেন্তে তেওঁ কি পদক্ষেপ ল'ব পাৰে বুজিবলৈ চেষ্টা কৰিব পাৰে । মই সদায় কাৰ্লচেনৰ পৰা শিকিবলৈ চেষ্টা কৰি আছোঁ । তেওঁ বিগত ১০ বছৰ ধৰি বিশ্ব দবাত আধিপত্য বিস্তাৰ কৰি আহিছে । মই জানিবলৈ চেষ্টা কৰোঁ যে তেওঁ কি কৰি আছে আৰু তেওঁ কেনে ধৰণৰ পৰিকল্পনাৰে খেলি আছে । মই তেওঁক কেইবাটাও প্ৰশ্ন সুধিছিলোঁ, কিন্তু তেওঁ ইয়াৰ দ্বাৰা কোনো প্ৰভাৱিত হোৱা নাছিল ।

প্ৰশ্ন- আপোনাৰ খেলত ভাগৰে কিমান প্ৰভাৱ পেলাইছিল ?

উত্তৰ- এই বিশ্বকাপত মই মানসিক আৰু শাৰীৰিকভাৱে অতি দুৰ্বল আছিলোঁ । মই মোৰ সৰ্বশ্ৰেষ্ঠ অৱস্থাত নাছিলোঁ । গতিকে মই বহু পিছপৰি গৈছিলোঁ । দুৰ্বল হ'লে আপুনি দবা খেলিব নোৱাৰে ।

প্ৰশ্ন- আপোনাক বিশ্বনাথন আনন্দৰ উত্তৰাধিকাৰী বুলি কোৱা হয় । এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি ?

উত্তৰ- মই বহুদিন বিচি ছাৰৰ একাডেমীত আছিলোঁ । মই তেওঁৰ পৰা বহুত শিকিলোঁ । আমি দবা সম্পৰ্কীয় সকলো বিষয় আলোচনা কৰোঁ । যেনে খেলখনৰ আগদিনা মই কি কৰা উচিত বা কি আহাৰৰ প্ৰয়োজন, শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ কি কৰা উচিত । এই বিষয়বোৰ তেওঁৰ সৈতেও আলোচনা কৰা হয় । মই এতিয়াও তেওঁৰ খেলৰ দ্বাৰা অনুপ্ৰাণিত ।

প্ৰশ্ন- আপুনি দবাখেলৰ বাহিৰে আন কোনো খেল ভালপায় নেকি ?

উত্তৰ- দবা খেলৰ উপৰি মই ক্ৰিকেটো বহুত ভালপাওঁ । মই ভাৰতীয় দলৰ খেলবোৰ বাদ নিদিওঁ । মোৰ প্ৰিয় ক্ৰিকেটাৰ হৈছে ৰবিচন্দ্ৰন অশ্বিন । মই তেওঁৰ খেলা চাবলৈ চেষ্টা কৰোঁ ।

প্ৰশ্ন- এছিয়ান গেমছ আগবাঢ়ি আছে, ভাৰতীয় দলটো কিমান প্ৰস্তুত ?

উত্তৰ- মই, গুকেশ, অৰ্জুন আৰু নিহাল দলটোত আছোঁ । ভাৰতীয় দলটো নিঃসন্দেহে শক্তিশালী । আমাৰ প্ৰস্তুতি বহুত ভাল হৈছে । মই শিবিৰৰ পৰা বহুত শিকিছিলোঁ । আশাকৰোঁ যে আমি প্ৰস্তুতিক মূলধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ।

প্ৰশ্ন- ভাৰতীয় দবাখেলৰ ভৱিষ্যত কি আৰু আপুনি নিজকে ক'ত দেখিছে ?

উত্তৰ- মই আৰু উন্নতি কৰিব বিচাৰোঁ । মই উদীয়মান দবা খেলুৱৈসকলৰ বাবে অনুপ্ৰেৰণা হ'ব বিচাৰোঁ যাতে উচ্চাকাংক্ষী খেলুৱৈসকলে দবা খেলিবলৈ আহে ।

প্ৰশ্ন- আপোনাৰ খেলত মাতৃৰ ভূমিকাৰ বিষয়ে কওক...

উত্তৰ- মই য'লৈকে যাওঁ, মোৰ মায়ে এটা ইনডাকচন অভেন লৈ যায় । তেওঁ বিভিন্ন ব্যঞ্জন ৰান্ধে । যদি মই মোৰ প্ৰিয় খাদ্য নাপাওঁ, তেন্তে ই মোক দুখ দিয়ে । মোৰ মায়ে মোৰ মুখলৈ চাই জানে যে মই ভাল খেলি আছোঁ নে নাই ।

প্ৰশ্ন- মনোযোগ দিবলৈ আপুনি কি কৰে ? বিশেষ কিবা ?

উত্তৰ- মই নিয়মীয়াকৈ যোগ আৰু ধ্যান কৰোঁ । মই কেতিয়াও ভিডিঅ' গেম নেখেলোঁ । ভিডিঅ' গেম খেলিলে বহুতো সমস্যা হয় । মই আৰাম কৰিবলৈ ভাল চিনেমা চাওঁ । অৱশ্যে মই আহাৰৰ বিষয়ে বেছি চিন্তা নকৰো, কিন্তু ভাৰতীয় খাদ্য উপভোগ কৰোঁ ।

প্ৰশ্ন- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ আপোনাৰ মুহূৰ্তটো কওক ।

উত্তৰ- তেওঁৰ সৈতে কথা পাতি বৰ ভাল লাগে । তেওঁ মোৰ প্ৰশিক্ষণৰ বিষয়ে জানিব বিচাৰিছিল আৰু মোৰ দেউতা আৰু মাৰ সৈতে কথা পাতিছিল ।

লগতে পঢ়ক :Muralitharan biopic film : মুৰলীধৰণৰ বায়োপিক '৮০০'ৰ ট্ৰেইলাৰ মুকলি কৰিব শচীন তেণ্ডুলকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.