ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল হোজাইৰ ছামাদ লস্কৰ

ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ খেলুৱৈ ৷ হোজাই তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ছামাদ লস্কৰে ৷ লণ্ডনত চলি থকা ‘‘ৱৰ্ল্ড মাৰ্চিয়েল গেমছ 2019’’ত আঁজুৰি আনিলে পদক ৷

author img

By

Published : Oct 29, 2019, 7:59 PM IST

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ খেলুৱৈ

হোজাই, 29 অক্টোবৰ: লণ্ডনত অনুষ্ঠিত হোৱা ‘‘ৱৰ্ল্ড মাৰ্চিয়েল গেমছ 2019’’ত হোজাই যুৱকৰ সাফল্য ৷ ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ হোজাইৰ ছামাদ লস্কৰৰ ৷ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ দক্ষিণ নোৱাবিল গাওঁৰ বাসিন্দা ছামাদ লস্কৰৰ ৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ছামাদ লস্কৰৰ সফলতাত এতিয়া গৰ্বিত হোজাইৰ দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

ব্ৰঞ্জ পদক অৰ্জন ছামাদ লস্কৰৰ
ব্ৰঞ্জ পদক অৰ্জন ছামাদ লস্কৰৰ

উল্লেখ্য যে, প্ৰতিযোগিতাৰ পূৰ্বে আৰ্থিক অভাৱে হেঙাৰ ৰূপে থিয় দিছিল ছামাদৰ লণ্ডন যাত্ৰাত ৷ পৰৱৰ্তী পৰ্যায়ত একাংশ দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহায়-সহযোগিতাত এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ছামাদ লস্কৰে ৷ বিভিন্ন দল সংগঠনেও সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছিল ৷ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজমল ফাউণ্ডেচনে ছামাদৰ লণ্ডনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে দুই লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল ৷

Intro:হোজাই তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ছামাদ লস্কৰে৷Body:হোজাই তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ছামাদ লস্কৰে৷

লণ্ডনত চলি থকা World Martial Games 2019 ব্ৰঞ্জৰ পদক লাভ কৰিছে ছামাদ লস্কৰে৷

ছামাদ লস্কৰ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ দক্ষিণ নোৱাবিল গাঁওৰ বাসিন্দা৷

এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ছামাদ লস্কৰৰ এই সাফল্যত গৰ্বিত হোজাইৰ দল সংগঠনৰ লগতে স্থানীয় ৰাইজ৷

আৰ্থিক অভাৱত ছামাদৰ লণ্ডন যাত্ৰাত বাধাৰ সৃষ্টি হৈছিল যদিও একাংশ দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহায়-সহযোগিতাত ছামাদে এই প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবলৈ সক্ষম হয়৷

দল-সংগঠন আৰু যুৱ সমাজে ছামাদক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল৷

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজমল ফাউণ্ডেচনেও ছামাদৰ লণ্ডনত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দুই লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.