স্পৰ্টছ ডেস্ক, 20 এপ্ৰিলঃ ডোহাৰ কাটাৰত অনুষ্ঠিত হোৱা 23 সংখ্যক এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত দেওবাৰে অংশ গ্ৰহণ কৰিব অসম কন্যা হিমা দাসে ৷ মহিলাৰ 4x400 ৰিলে দৌৰত প্ৰতিদ্বন্দিতা আগবঢ়াব হিমাই ৷ হিমা দাসৰ 2019 বৰ্ষত এইটো হ’ব প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ৷
হিমাৰ লগতে 4x400 ৰিলে দৌৰৰ দলত আছে আন পাঁচ গৰাকী খেলুৱৈ পুভাম্মা, চাৰিতাবেন গাইকুৱাণ্ড, জিছ্না মেথিও, ৱিছময়া আৰু ছনিয়া ৷ 21 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈ খালিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়ান এথলেটিক চেম্পিয়নশ্বিপ ৷ শেহতীয়া কৈ হিমাই ফেডেৰেচন কাপ এথেলেটিকছ টুৰ্ণামেণ্টৰ 400 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল যদিও এছিয়ান এথেলেটিক চেম্পিয়নশ্বিপৰ 400 মিটাৰ শাখাত প্ৰৱেশ কৰাত ব্যৰ্থ হৈছিল হিমা ৷