ETV Bharat / sports

কেৰিয়াৰৰ 92 সংখ্যক জয় ব্ৰিটিছ ড্ৰাইভাৰ লেৱিছ হেমিল্টনৰ

author img

By

Published : Oct 26, 2020, 7:17 AM IST

Updated : Oct 26, 2020, 7:24 AM IST

পৰ্তুগাল গ্ৰাঁ-পিক্সত জয়লাভেৰে জাৰ্মানীৰ মাইকেল চুমাখাৰৰ ফৰ্মুলা ৱানৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় মাৰ্চিডিছ বেঞ্জৰ চালক তথা খৈলুৱৈ লেৱিছ হেমিল্টনে ৷

পৰ্তুগাল গ্ৰাঁ-পিক্সত চুমাখাৰৰ অভিলেখ ভংগ কৰিলে হেমিল্টনে

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ : ব্ৰিটিছ ড্ৰাইভাৰ লেৱিছ হেমিল্টনে দেওবাৰে পৰ্তুগাল গ্ৰাঁ-পিক্সত জয়লাভ কৰি ফৰ্মুলা ৱান কাৰ ৰেছত এক নতুন ইতিহাস সৃষ্টি কৰে ৷ জাৰ্মানীৰ মহান খেলুৱৈ তথা ড্ৰাইভাৰ মাইকেল চুমাখাৰৰ নামত থকা 92সংখ্যক গ্ৰাঁ-পিক্স খিতাপৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় হেমিল্টনে ৷

কেৰিয়াৰৰ 92 সংখ্যক জয় ব্ৰিটিছ ড্ৰাইভাৰ লেৱিছ হেমিল্টনৰ
পৰ্তুগাল গ্ৰাঁ-পিক্স জয়ৰ পিচত হেমিল্টনৰ প্ৰতিক্ৰিয়া

পোৰ্টিমাওত হোৱা ফৰ্মুলা ৱান ৰেছিঙত এইদৰে বিশ্বৰ শীৰ্ষস্থানীয় চুমাখাৰক পিচ পেলাবলৈ সক্ষম হয় হেমিল্টনে ৷ হেমিল্টনে ৰেছত মাৰ্চিডিছৰ সহ-খেলুৱৈ ভালট্টেৰি বোট্টাছৰ পৰা 25.6 ছেকেণ্ড আগতে লেপ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ৷

শীৰ্ষ দল ফৰ্মুলা ৱান দল আৰু ড্ৰাইভাৰ

আনহাতে ৰেডবুলৰ মেক্স বেৰষ্টাপেনে তৃতীয় স্থানত নিজৰ লেপ সম্পূৰ্ণ কৰে ৷ সৰ্বাধিক গতিৰে নিজৰ লেপ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা হেমিল্টনে অতিৰিক্ত পইন্ট অৰ্জন কৰাৰ লগতে বোট্টাছৰ পৰা 77 পইন্ট আগত আছে ৷

ফৰ্মুলা ৱান ৰেছৰ পইন্ট তালিকা

হেমিল্টনে নিজৰ প্ৰথম ফৰ্মুলা ৱান ৰেছ 2007 চনত জয় কৰিবলৈ সক্ষম হৈছিল আৰু 2008 প্ৰথমবাৰৰ বাবে খিতাপ নিজৰ নামত কৰিবলৈ সক্ষম হৈছিল ৷ 2013 চনত মাৰ্চিডিছৰ সৈতে জড়িত হৈ কেৰিয়াৰ আগবঢ়াই আনিছিল হেমিল্টনে ৷

সৰ্বাধিকসংখ্যক ফৰ্মুলা ৱান ৰেচ জয়ীসকল

হেমিল্টনে 5টা ফৰ্মুলা ৱান খিতাপ জয় কৰাৰ বিপৰীতে মাইকেল চুমাখাৰৰ নামত আছে 7টা ফৰ্মুলা ৱান খিতাপ ৷ ফাইনেল ৰেছৰ পূৰ্বে হেমিল্টনে পৰ্তুগাল গ্ৰাঁ-পিক্সত অভিলেখ 97সংখ্যক পোল পজিশ্বন দখল কৰিছিল ৷

জয়ৰ পিচত সমৰ্থক আৰু দলৰ সতীৰ্থৰ সৈতে হেমিল্টন

ইয়াৰ পূৰ্বে আইফেল গ্ৰাঁ-পিক্সত জয়লাভেৰে মাইকেলৰ সমপৰ্যায়ৰ জয়ত উপনীত হৈছিল হেমিল্টন ৷ মাইকেল চুমাখাৰৰ নামত সৰ্বাধিকসংখ্যক 91টা জয় থকাৰ বিপৰীতে পৰ্তুগাল গ্ৰাঁ-পিক্সত জয়ী হোৱা হেমিল্টনৰ নামত আছে 92টা জয় ৷

লগতে পঢ়ক : আইফেল গ্ৰাঁ-পিক্স : কেৰিয়াৰৰ 91 সংখ্যক জয় লেৱিছ হেমিল্টনৰ

Last Updated : Oct 26, 2020, 7:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.