ETV Bharat / sports

FIH Pro League : কমনৱেলথ গেমছৰ পূৰ্বে ভাৰতীয় হকী দলক শক্তিশালী কৰাৰ লক্ষ্য

author img

By

Published : Jun 10, 2022, 3:41 PM IST

FIH Pro League ২০২২ ত অহা ১১ জুন আৰু ১২ জুনত বেলজিয়ামৰ বিৰুদ্ধে খেলিব ভাৰতীয় হকীৰ পুৰুষ দলটোৱে (Indian Hockey team in FIH Pro League)। মহিলা দলটোৱেও বেলজিয়াম, আৰ্জেণ্টিনা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে পৰৱৰ্তী খেলবোৰ খেলিব । কমনৱেলথৰ পূৰ্বে এই খেলকেইখন অতি গুৰুত্বপূৰ্ণ হ'ব ভাৰতৰ বাবে ।

FIH Pro League
কমনৱেলথ গেমছৰ পূৰ্বে ভাৰতীয় হকী দলক শক্তিশালী কৰাৰ লক্ষ্য

স্পৰ্টছ ডেস্ক, ১০ জুন : কমনৱেলথ গেমছৰ পূৰ্বে FIH Pro League ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব (FIH Pro League is important for India)। ১ ৰ পৰা ১৭ জুলাইলৈ স্পেইন আৰু নেডাৰলেণ্ডে যুটীয়াভাৱে আয়োজন কৰিবলগীয়া FIH মহিলা বিশ্বকাপৰ পূৰ্বে FIH Pro League মহিলা দলটোৰ বাবে অধিক গুৰুত্বপূৰ্ণ । আনহাতে ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমান ১২ খন খেলৰ পৰা সংগ্ৰহ কৰা ২৭ পইণ্টৰ সৈতে লীগ ষ্টেণ্ডিঙত দ্বিতীয় স্থানত আছে ।

উল্লেখ্য যে এই লীগৰ পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে আয়োজক বেলজিয়ামৰ বিৰুদ্ধে ১১ আৰু ১২ জুনত খেলিব আৰু তাৰ পিছত নেডাৰলেণ্ডৰ বিৰুদ্ধে ১৮ আৰু ১৯ জুনত ৰটাৰডামত খেলিব । মহিলা দলটোৱেও বেলজিয়ামৰ বিৰুদ্ধে ১১ আৰু ১২ জুন, আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১৮ আৰু ১৯ জুন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ২১ আৰু ২২ জুনত খেলিব (Indian Hockey team in FIH Pro League)।

লক্ষণীয়ভাৱে বেলজিয়াম আৰু ভাৰতীয় পুৰুষ দলৰ পইণ্ট একে । সেয়েহে ভাৰতৰ বাবে পৰৱৰ্তী খেলকেইখনত জয়ী হোৱাটো অধিক গুৰুত্বপূৰ্ণ হোৱাৰ লগতে ২৮ পইণ্টৰ সৈতে তালিকাৰ শীৰ্ষত থকা নেডাৰলেণ্ডক পিছলৈ ঠেলি দিয়াটো লক্ষ্য হ'ব ভাৰতৰ । পুৰুষ আৰু মহিলা হকীৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰিড আৰু জান্নেকা শেপমেন, দুয়োগৰাকীয়ে ইতিমধ্যে দল দুটাক শক্তিশালী কৰাৰ বাবে জোৰ দিছে । FIH Pro League ৰ উপৰিও ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া বাৰ্মিংহাম গেমছৰ ওপৰতো দৃষ্টি ৰাখিছে ভাৰতৰ প্ৰশিক্ষক দুগৰাকীয়ে ।

তেওঁলোকে ইতিমধ্যে সংবাদমাধ্যমৰ আগত কৈছে যে কমনৱেলথ গেমছৰ বাবে দুমাহতকৈও কম সময় আছে । সেয়েহে মাজৰ এই সময়খিনিত ভাৰতৰ দল দুটাৰ প্ৰদৰ্শন উন্নত কৰাত জোৰ দিয়া হৈছে । তেওঁলোকে উল্লেখ কৰা মতে জুন আৰু জুলাইত বেক টু বেক খেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দল দুটা ।

ইতিমধ্যে পুৰুষ আৰু মহিলা দুয়োটা দলৰ বাবে খেলুৱৈসকলকো প্ৰস্তুত কৰি তোলা হৈছে । অভিজ্ঞ আৰু নতুন খেলুৱৈ সংমিশ্ৰণেৰে দল দুটাক বিশ্বৰ ভিতৰতে শক্তিশালী কৰাত জোৰ দিছে প্ৰশিক্ষকসকলে ।

লগতে পঢ়ক :Indonesia Masters 2022 : ইণ্ডোনেছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.