স্পৰ্টছ ডেস্ক, 1 ডিচেম্বৰ : কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে সাতবাৰৰ বিশ্ব চেম্পিয়ন ফৰ্মূলা-1 ড্ৰাইভাৰ লিৱিছ হেমিল্টন ৷ ইয়াৰ ফলত বিশ্ব চেম্পিয়নগৰাকীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব বাহৰেইনত অনুষ্ঠিত হ'বলগা আগন্তুক ছাখিৰ গ্ৰেণ্ড প্ৰিক্সত ৷
মাৰ্ছিডিজে এক বিবৃতিত কয় যে, সোমবাৰে হেমিল্টনৰ দেহত কৰ'ণা ভাইৰাছৰ কিছু লক্ষণ ধৰা পৰে৷ ইয়াৰ পাচতে তেওঁৰ ক'ভিড পৰীক্ষণ কৰা হয় আৰু পজিটিভ বুলি জানিব পৰা যায়৷ পৰৱৰ্তী পৰ্যায়তো তেওঁ পুনৰবাৰ পৰীক্ষা কৰি পজিটিভ আহে ৷
মাৰ্ছিডিজে লগতে কয় যে, বৰ্তমান হেমিল্টন আইশ্ব'লেছনত আছে আৰু স্বাস্থ্য বিভাগৰ নিয়মাৱলী অনুসৰণ কৰি আছে ৷ মাৰ্ছিডিজে কয়, "লঘু লক্ষণ থাকিলেও তেওঁ সম্পূৰ্ণ সুস্থ, আমাৰ দলে অতি সোনকালে তেওঁৰ আশু আৰোগ্য কামনা কৰিলো ৷"
মাৰ্ছিডিজে কয় যে, তেওঁলোকে অতি সোনকালে প্ৰতিযোগিতাৰ বাবে বিকল্প ড্ৰাইভাৰৰ নাম ঘোষণা কৰিব ৷
লগতে পঢ়ক : ISL 7 : আজিৰ মেচত মুম্বাই চিটীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এচচি ইষ্ট বেংগল