ETV Bharat / sports

খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন দুতী চান্দৰ - dutee chand won gold

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ দৌৰৰ 100 মিটাৰ শাখাত সোণৰ পদক অৰ্জন ওড়িশাৰ খেলুৱৈ দুতী চান্দৰ ৷ অৱশ্যে সোণৰ পদক অৰ্জন কৰাৰ পাচতো অলিম্পিকলৈ যোগ্যতা লাভ কৰাত বিফল হ’ল খেলুৱৈগৰাকী ৷

khelo india university games,খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ, দুতী চান্দ, dutee chand won gold at khelo indian university games,
খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন দুতী চান্দৰ
author img

By

Published : Feb 29, 2020, 11:42 PM IST

স্পৰ্টছ ডেস্ক, 29 ফেব্ৰুৱাৰীঃ 22 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈ ওড়িশাত অনুষ্ঠিত হৈছে খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাতেই শনিবাৰে অনুষ্ঠিত হোৱা দৌৰৰ 100 মিটাৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় তাৰকা খেলুৱৈ দুতী চান্দে ৷ 100 মিটাৰ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াই 11.49 ছেকেণ্ডেৰে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় প্ৰতিভাৱান খেলুৱৈ দুতীয়ে ৷

দুতী চান্দৰ প্ৰদৰ্শন
দুতী চান্দৰ প্ৰদৰ্শন

কিন্তু দুৰ্ভাগ্যজনক কথা এই যে, এই সফলতাৰ পাচতো টকিঅ’ অলিম্পিকৰ যোগ্যতা লাভ কৰাত ব্যৰ্থ হ’ল খেলুৱৈগৰাকী ৷ কাৰণ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সময় নিৰ্ধাৰিত আছিল 11.15 ছেকেণ্ড ৷ য’ত অসফল হৈ ৰয় দুতী ৷ উল্লেখ্য যে,দুতীৰ নামত আছে দৌৰৰ 100 মিটাৰ শাখাৰ ৰাষ্ট্ৰীয় অভিলেখ ৷ যিটো 2019 চনত 11.22 ছেকেণ্ডেৰে নিজৰ নাম কৰিবলৈ সক্ষম হৈছিল দুতীয়ে ৷ এই প্ৰতিযোগিতাত দেশৰ 159 বিশ্ববিদ্যালয়ৰ 3400 গৰাকী খেলুৱৈয়ে 17 টাকৈ ইভেন্টত অংশগ্ৰহণ কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.