স্পৰ্টছ ডেস্ক, 22 ছেপ্তেম্বৰ : ভাৰতীয় মল্লযুঁজাৰু দীপক পুনিয়াই বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণৰ পৰা বিৰত থাকে ৷ গাঁঠিৰ আঘাতৰ বাবে চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰা বাবে ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় তেওঁ ৷
![বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণৰ পৰা বিৰত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4518717_1.jpg)
এই সম্পৰ্কত খেলুৱৈগৰাকীয়ে মন্তব্য কৰে, "স্বৰ্ণ পদকৰ যুঁজত মই অংশ ল'ব নোৱাৰা বাবে যথেষ্ট দোষিত যদিও সমগ্ৰ প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ বাবে সুখী ৷ মই কষ্ট কৰিম আৰু অলিম্পিকত পদক জয় কৰিবলৈ চেষ্টা কৰিম ৷"
![বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ ফাইনেলত অংশগ্ৰহণৰ পৰা বিৰত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4518717_2.jpg)
উল্লেখ্য যে, 86 কে. জি. শাখাৰ ফাইনেলত দীপকে ইৰানৰ হাছান য়াজদানিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ল লাগিছিল যদিও আঘাতৰ বাবে অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত ছেমি ফাইনেলত দীপক পুনিয়াই ছুইজাৰলেণ্ডৰ ষ্টেফানক 8-2 ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ ফাইনেললৈ অগ্ৰসৰ হৈছিল ৷
বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশৰ পাছতে তেওঁ অলিম্পকলৈও যোগ্যতা অৰ্জন কৰিছিল ৷ বিনেশ ফোগত, বজৰংগ পুনিয়া আৰু ৰবি কুমাৰৰ পাছতে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা চতুৰ্থ গৰাকী মল্লযুঁজাৰু হিচাপে পৰিগণিত হয় দীপক পুনিয়া ৷