ETV Bharat / sports

প্ৰথমবাৰৰ বাবে খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ

ওড়িশাৰ জৱাহৰলাল নেহৰু ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে দেশৰ প্ৰথম খন খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ ৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণী কৰে এই সমাৰোহৰ ৷

author img

By

Published : Feb 22, 2020, 9:30 PM IST

khelo india university games news
ওড়িশ্যাত প্ৰথমবাৰৰ বাবে খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ

ওড়িশা, 22 ফেব্ৰুৱাৰীঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধোধন কৰে ওড়িশাৰ জৱাহৰলাল নেহৰু ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দেশৰ প্ৰথম খন খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহ ৷ এই সমাৰোহত সমগ্ৰ দেশৰ মুঠ 159 বিশ্ববিদ্যালয়ৰ প্ৰায় 3400 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ' কনফাৰেন্স যোগে এই সমাৰোহৰ শুভাৰম্ভণী কৰি ভাৰতৰ ক্ৰীড়া জগতৰ বাবে এয়া এক ঐতিহাসিক মুৰ্হূত বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে, এই সমাৰোহে দেশৰ ক্ৰীড়া ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰিব ৷ সেয়ে এই সমাৰোহ কেৱল ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে ঐতিহাসিক মুৰ্হূতই নহয়, লগতে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ ভৱিষ্যতৰ বাবেও আশা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

শুভাৰম্ভণি অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ লগতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকে ৷

লগতে পঢ়ক , জয়েৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.