ছয়গাঁও ২ আগষ্ট : থাইলেণ্ডৰ পাট্টায়াত অহা ২০ আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া চতুৰ্দশ বিশ্ব ড্ৰেগন নাও খেল প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ বাবে ছয়গৰাকী অসমীয়া খেলুৱৈ আজি অসমৰ পৰা কলকাতালৈ যাত্ৰা কৰিছে । কাইলৈৰ পৰা কলকাতাত ভাৰতীয় দলৰ শিৱিৰত তেওঁলোকে যোগদান কৰিব । বিশ্ব ড্ৰেগন নাও খেল প্ৰতিযোগিতত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগা খেলুৱৈ কেইগৰাকী হ'ল ক্ৰমে বিজুলী কলিতা, দিপান্বিতা কলিতা, হীৰুমণি কলিতা, বিউটী কলিতা, অমিয়া কলিতা (মহিলা), ৰূপেন ৰাভা(পুৰুষ)। পুৰুষ দললৈ নিৰ্বাচিত মাইনুদ্দিন আহমেদ আৰু ছাহজাহান আলীয়ে কিছুদিন পিছত শিৱিৰত অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে, ভাৰতীয় দললৈ নিৰ্বাচিত আটাইকেউগৰাকী খেলুৱৈ কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাঁৱৰ ।
