ETV Bharat / sports

জৰ্জ ফ্লয়েডৰ শেষকৃত্য সম্পন্নৰ খৰচ বহন কৰিব বক্সাৰ ফ্লয়েড মেৱেদৰৰে - জৰ্জ ফ্লয়েডৰ শেষকৃত্য সম্পন্নৰ খৰচ বহন কৰিব বক্সাৰ ফ্লয়েড মেৱেদৰৰে

যোৱা 25 মে'ত আমেৰিকাত এগৰাকী আৰক্ষী কৰ্মীৰ বৰ্বৰতাৰ বলি হৈ প্ৰাণ হেৰুৱালগীয়া হৈছিল জৰ্জ ফ্লয়েড নামৰ এজন লোকে । আঁঠুৰে ডিঙিত হেঁচি-হেঁচি প্ৰাণ কাঢ়ি লোৱা হৈছিল ফ্লয়েডৰ ।

Boxer Floyd Mayweather to pay for George Floyd's funeral

author img

By

Published : Jun 2, 2020, 3:25 PM IST

স্পৰ্টছ ডেস্ক, 2 জুন : আমেৰিকাত নৃশংস ভাৱে হত্যাৰ বলি হোৱা জৰ্জ ফ্লয়েডৰ শেষকৃত্য সম্পন্নৰ লগতে স্মৰণীয় কাম-কাজৰ সকলো যাৱতীয় খৰচ বহন কৰাৰ কথা উল্লেখ কৰিছে প্ৰাক্তন বক্সাৰ খেলুৱৈ ফ্লয়েড মেৱেদৰৰে । খেলুৱৈগৰাকীৰ এই মহানুভৱতাক আদৰণি জনায় স্বীকৃতি প্ৰদান কৰিছে মৃত জৰ্জ ফ্লয়েডৰ পৰিয়ালবৰ্গই ।

এই সন্দৰ্ভত মেৱেদৰ প্ৰচাৰৰ CEO লিয়নাৰ্ড এলেবেৰ মতে, ব্য়ক্তিগত ভাৱে জৰ্জ ফ্লয়েডৰ পৰিয়ালৰ সৈতে সম্পৰ্কত আছে খেলুৱৈগৰাকীৰ। অহা 9 জুনত ফ্লয়েডৰ গৃহভূমি হাউছটনত হ'বলগীয়া অন্তিম সংস্কাৰৰ সকলো যাৱতীয় খৰচ বহন কৰাৰ কথা উল্লেখ কৰিছে প্ৰাক্তন বক্সাৰগৰাকীয়ে । সোমবাৰে এক ৱেবচাইটত এই কথা সদৰী কৰে খেলুৱৈগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা 25 মে'ত কৃষ্ণাংগ বৰণৰ ফ্লয়েডক এগৰাকী বগা মিনিয়াপ'লিছ আৰক্ষী বিষয়াই বৰ্বৰতাৰে আঁঠুৰে ডিঙিত হেঁচি ধৰি হত্যা কৰে । সেই সময়ত ফ্লয়েডক হেণ্ডকাফ লগোৱাৰ লগতে উশাহ-নিশাহ ল'বলৈ কষ্ট পোৱা বুলি চিৎকাৰ কৰা পাচতো মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল । এই ঘটনাৰ পাচতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ লোকজনৰ হত্যা কৰাৰ প্ৰতিবাদত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৱাছিংটন চহৰত ।

বৰ্তমানে হত্য়াকাৰী আৰক্ষীজনক থাৰ্ড ড্ৰিগী হত্যা আৰু ছেকেণ্ড ডিগ্ৰী নৰহত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে চাওকঃ আই আই টি গুৱাহাটীত ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিবাদী সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.