ETV Bharat / sports

পক্ষপাতৰ বলি হৈছে নেকি অসমৰ বক্সাৰ ! বিচাৰকৰ ভূমিকাত অসন্তুষ্ট প্ৰশিক্ষক - বিচাৰকৰ ভূমিকাত অসন্তুষ্ট অসম বক্সিঙ দলৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকা

খেল’ ইণ্ডিয়াত বক্সিঙৰ বিচাৰকৰ ভূমিকাত মুঠেই সন্তুষ্ট নহয় অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষক ৷ খেল’ ইণ্ডিয়াত পক্ষপাতৰ বলি হৈছে নেকি অসমৰ খেলুৱৈ সকল ? বিচাৰকৰ সিদ্ধান্তক লৈ সন্দেহ প্ৰকাশ মুখ্য প্ৰশিক্ষকৰ ।

পক্ষপাতৰ বলি হৈছে নেকি অসমৰ বক্সাৰ
পক্ষপাতৰ বলি হৈছে নেকি অসমৰ বক্সাৰ
author img

By

Published : Jan 20, 2020, 6:15 PM IST

গুৱাহাটী, 20 জানুৱাৰীঃ বক্সিঙত স্বৰ্ণ পদক লাভ কৰাৰ পৰা বঞ্চিত হ’ব নেকি অসম ? কিয়নো গুৱাহাটীত অনুষ্ঠিত হৈ থকা তৃতীয় সংস্কৰণ খেল’ ইণ্ডিয়া য়ুথ গেমছৰ বক্সিঙৰ ছেমি ফাইনেলত বিচাৰকৰ ভূমিকাক লৈ সন্তুষ্ট নহয় অসম বক্সিং দলৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকা । ছাই ফিল্ডত অনুষ্ঠিত হোৱা বক্সিং মেচত অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপন কৰিছে অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই । বিচাৰকৰ ফলাফলত সন্দেহ প্ৰকাশ কৰিছে অসমৰ মুখ্য প্ৰশিক্ষক গৰাকীয়ে । অসমৰ মহিলা খেলুৱৈ মেৰী মৰাণৰ ক্ষেত্ৰত বিচাৰকৰ সকলে ভুল ফলাফল প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে অমৰ ডেকাই ।

খেল’ ইণ্ডিয়াত বক্সিঙৰ বিচাৰকৰ ভূমিকাত অসন্তুষ্ট প্ৰকাশ অমৰ ডেকাৰ

হাৰিয়ানাৰ লগত হোৱা মেচখনত অসমৰ মেৰী মৰাণে খেলখনত জিকাৰ পিছতো মেৰীক ৫-০ ব্যৱধানত পৰাজিত ঘোষণা কৰাত আশ্চৰ্য্য প্ৰকাশ কৰে মুখ্য প্ৰশিক্ষক গৰাকীয়ে । অকল মেৰী মৰণৰ ক্ষেত্ৰতে নহয় অসমৰ কেইবাগৰাকী খেলুৱৈ বিচাৰকৰ ভুল ফলাফলৰ বলি হোৱা বুলিও জানিবলৈ দিয়ে অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷

উল্লেখ্য যে, খেল’ ইণ্ডিয়াৰ বক্সিঙৰ ছেমি ফাইনেলত অসমৰ মুঠ 19 গৰাকী পুৰুষ-মহিলা খেলুৱৈয়ে যোগ্যতা অর্জন কৰিছিল । কিন্তু বৰ্তমানলৈকে অসমৰ কেৱল 4 গৰাকী খেলুৱৈয়ে স্বৰ্ণ পদকৰ বাবে ফাইনেললৈ উত্তীৰ্ণ হৈছে ৷ সেইয়েহে বিচাৰকৰ পক্ষপাতৰ ফলত অসমৰ স্বৰ্ণ লাভৰ সপোন বাস্তৱিত নোহোৱাৰে সন্দেহ প্ৰকাশ কৰিছে অসম বক্সিঙ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই ৷

Intro:(ETV Bharat Exclusive)

তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত বক্সিঙৰ ছেমি ফাইনেলত অসমৰ ফলাফলক লৈ সন্তুষ্ট নহয় অসম বক্সিঙ দলৰ মুখ্য প্ৰশিক্ষক। পক্ষপাত কৰা হৈছে নেকি অসমৰ খেলুৱৈ সকলৰ লগত? বক্সিঙত স্বৰ্ণ পদক লাভ কৰাৰ পৰা বঞ্চিত হব নেকি অসম? বিচাৰকৰ সিদ্ধান্তক লৈ সন্দেহ প্ৰকাশ মুখ্য প্ৰশিক্ষকৰ।

Body:গুৱাহাটীৰ ছাই ফিল্ডত চলি থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত বক্সিঙৰ ক্ষেত্ৰত অসমৰ খেলুৱৈ সকলৰ লগত পক্ষপাতৰ অভিযোগ উত্থাপিত কৰিছে অসম বক্সিঙৰ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই। অসমৰ খেলুৱৈ সকলৰ ক্ষেত্ৰত বিচাৰকৰ ফলাফলত সন্দেহ প্ৰকাশ কৰিছে অসমৰ মুখ্য প্ৰশিক্ষক গৰাকীয়ে। অসমৰ মহিলা খেলুৱৈ মেৰী মৰাণৰ ক্ষেত্ৰত বিচাৰকৰ সকলে ভুল ফলাফল প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে অমৰ ডেকাই। হাৰিয়ানাৰ লগত হোৱা মেচখনত অসমৰ মেৰী মৰাণে খেলখনত জিকাৰ পিছতো মেৰীক ৫-০ ব্যৱধানত পৰাজিত ঘোষণা কৰাত আশ্চৰ্য্য প্ৰকাশ কৰে মুখ্য প্ৰশিক্ষক গৰাকীয়ে। অকল মেৰী মৰণৰ ক্ষেত্ৰতে নহয় অসমৰ কেইবাগৰাকী খেলুৱৈ বিচাৰকৰ ভুল ফলাফলৰ বলি হোৱা বুলিও জানিবলৈ দিয়ে অসম বক্সিঙ মুখ্য প্ৰশিক্ষক অমৰ ডেকাই।

বাইট : অমৰ ডেকা, মুখ্য বক্সিঙ প্ৰশিক্ষক, অসম

Conclusion:খেলো ইণ্ডিয়াৰ বক্সিঙৰ ছেমি ফাইনেলত অসমৰ ১৯ গৰাকী পুৰুষ-মহিলা খেলুৱৈয়ে যোগ্যতা অর্জন কৰিছিল। বৰ্তমানলৈকে অসমৰ ৪ গৰাকী খেলুৱৈয়ে স্বৰ্ণ পদকৰ বাবে ফাইনেল খেললৈ অগ্ৰসৰ হৈছে যদিও বিচাৰকৰ পক্ষপাতৰ ফলত অসমৰ স্বৰ্ণ লাভৰ সপোন বাস্তবিত নোহোৱাৰে সন্দেহ প্ৰকাশ কৰিছে অসম বক্সিঙ মুখ্য প্ৰশিক্ষক গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.