ETV Bharat / sports

Asia Cup 2023 : ছুপাৰ ফ’ৰৰ দ্বিতীয়খন মেচত শ্ৰীলংকাৰ হাতত ২১ ৰাণত পৰাস্ত বাংলাদেশ - Bangladesh opt to field

এছিয়া কাপ ২০২৩ৰ ছুপাৰ ফ’ৰৰ দ্বিতীয়খন মেচত শনিবাৰে শ্ৰীলংকাই বাংলাদেশক ২১ ৰাণত পৰাস্ত কৰে । শ্ৰীলংকাৰ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৭ ৰাণ ৷ জয়ৰ বাবে ২৫৮ ৰাণৰ লক্ষ্য় আগত লৈ বাংলাদেশে ৪৮.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৬ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Asia Cup 2023
শ্ৰীলংকাৰ সন্মুখীন বাংলাদেশ
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:35 PM IST

Updated : Sep 10, 2023, 1:18 AM IST

স্পৰ্টছ ডেস্ক, ৯ ছেপ্টেম্বৰ : শ্ৰীলংকাত অনুষ্ঠিত হৈ থকা এছিয়া কাপ ২০২৩ৰ ছুপাৰ ফ’ৰৰ দ্বিতীয়খন মেচত শ্ৰীলংকাই শনিবাৰে কলম্বোত বাংলাদেশৰ বিৰুদ্ধে ২১ ৰাণৰ বিজয়েৰে চুপাৰ ৪ পৰ্যায় আৰম্ভ কৰিছে।

প্ৰথমে বেটিং কৰি ২৫৭ ৰাণ সংগ্ৰহ কৰাৰ পিচত অধিনায়ক দাসুন শানাকা, মথিশা পাথিৰানা আৰু মিস্ট্ৰি স্পীনাৰ মহিষ থিকছানাৰ দুৰ্দান্ত বলিঙৰ সহায়ত বাংলাদেশক ৪৮.১ অভাৰত ২৩৬ ৰাণত অল আউট কৰি জয় সাব্যস্ত কৰে ঘৰুৱা দলটোৱে। শানাকাই ৯ অভাৰত ২৮ ৰাণ খৰচ কৰি ৩টা উইকেট দখল কৰে । আনহাতে পাথিৰানাই ৯.১ অভাৰত ৫৮ ৰাণৰ বিনিময়ত ৩টা উইকেট দখল কৰে । তাৰ বিপৰীতে থিকছানাই ৬৯ ৰাণ দি ৩টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ।

বাংলাদেশৰ হৈ তৌহিদ হৃদয়ে বেটৰ সৈতে একমাত্ৰ যুঁজাৰু হিচাপে চেষ্টা চলায় যদিও আনটো মূৰৰ পৰা কিন্তু তেওঁৰ সতীৰ্থসকলৰ পৰা খুব কম সমৰ্থন পায়। হৃদয়ে ৯৭ টা বলত দলৰ হৈ সৰ্বোচ্চ ৮২ ৰাণ কৰে। ২৫৮ ৰাণৰ বিজয় লক্ষ্য় আগত লৈ বাংলাদেশী অপেনাৰদ্বয়ে ৫০ ৰাণতকৈ অধিক পাৰ্টনাৰশ্বীপ কৰি ইতিবাচক আৰম্ভণি কৰিছিল। অৱশ্যে, শ্ৰীলংকাৰ অধিনায়ক শানাকাৰ দ্বৈত আঘাতে মাজৰ অভাৰবোৰত বাংলাদেশৰ ছন্দ পতন ঘটায়।

তাৰ পিছত হৃদয়ে মুশফিকুৰ ৰহিমৰ সৈতে পঞ্চম উইকেটৰ বাবে ৭২ ৰাণ যোগ কৰি নিজৰ দলক প্ৰত্যাৰ্বতন কৰোৱাৰ চেষ্টা কৰে যদিও সেয়া যথেষ্ট নাছিল। অভিজ্ঞ উইকেট কীপাৰ বেটছমেনজনে দলৰ হৈ দ্বিতীয় সৰ্বাধিক ২৯ ৰাণ কৰাৰ বিপৰীতে মেহদী হাছানৰ বেটৰ পৰা আহে ২৮ ৰাণ ।

তাৰ পূৰ্বে কলম্বোৰ আৰ. প্ৰেমদাসা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত টছত জিকি প্ৰথমে বলিংৰ সিদ্ধান্ত লয় বাংলাদেশৰ দলটোৱে ৷

প্ৰথমে বেটিংৰ আমন্ত্ৰণ লাভ কৰি শ্ৰীলংকাৰ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৭ ৰাণ ৷ শ্ৰীলংকাৰ হৈ সদীৰা সমৰাৱিক্ৰামাই ৭২ টা বলত সৰ্বাধিক ৯৩ ৰাণ সংগ্ৰহ কৰে ৷ বিপৰীতে কুশল মেণ্ডিছে ৭৩ টা বলত ৫০ ৰাণ কৰি পেভিলিয়নমুখী হয় ৷ আনহাতে অপেনাৰ বেটছমেন পাথুম নিশাংকই ৬০টা বলত ৪০ ৰাণ কৰি আউট হয় ৷

বাংলাদেশৰ হৈ তাস্কিন আহমেদে ১০ অভাৰত ৬২ ৰাণ খৰছ কৰি ৩টা উইকেট দখল কৰে ৷ হাছান মাহমুদে ১০ অভাৰত ৫৭ ৰাণ খৰছ কৰি ৩টা উইকেট দখল কৰে ৷ বিপৰীতে শ্বৰিফুল ইছলামে ৮ অভাৰত ৪৮ ৰাণ খৰছ কৰি ২টা উইকেট দখল কৰে ৷

আনহাতে কাইলৈ অৰ্থাৎ দেওবাৰে একেখন ষ্টেডিয়ামতে ছুপাৰ ফ’ৰৰ তৃতীয় তথা এক হাই-ভল্টেজ খেলত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দী ভাৰত আৰু পাকিস্তান

লগতে পঢ়ক : G20 summit : ভাৰতৰ বাণিজ্যিক উন্নয়নৰ বাবে বাইডেন আৰু মোদীৰ বিশেষ পৰিকল্পনা

Last Updated : Sep 10, 2023, 1:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.