ETV Bharat / sports

Asia Cup Archery : এছিয়া কাপ আৰ্চাৰীত সাতটা পদক নিশ্চিত ভাৰতৰ - ইটিভি ভাৰতত এছিয়া কাপ আৰ্চাৰীৰ শেহতীয়া বাতৰি

অব্যাহত থকা এছিয়া কাপ আৰ্চাৰীত ভাৰতৰ চমকপ্ৰদ প্ৰদৰ্শন ৷ জয়ৰ ধাৰা অব্যাহত ৰাখি এই প্ৰতিযোগিতাত দেশৰ হকে অংশগ্ৰহণ কৰা খেলুৱৈয়ে জয় লাভেৰে নিশ্চিত কৰিলে সাতটাকৈ পদক (Asia Cup Archery India seals seven medals in mixed finals) ৷ ভাৰতীয় ধনুৰ্ধৰ পাৰ্থ চালুংকে (Indian Archer Parth Salunke) আৰু ৰিদ্ধিকে ধৰি চাৰিগৰাকী খেলুৱৈ প্ৰতিযোগিতাখনৰ মিক্সড ডাবলছৰ ফাইনেলত উপনীত হয় ৷

asia-cup-archery-india-seals-seven-medals-in-mixed-finals
এছিয়া কাপ আৰ্চাৰীত সাতটা পদক নিশ্চিত ভাৰতৰ
author img

By

Published : Mar 19, 2022, 1:12 PM IST

স্প’ৰ্টছ ডেস্ক, 19 মাৰ্চ : ভাৰতীয় ধনুৰ্ধৰ পাৰ্থ চালুংকে (Indian Archer Parth Salunke) আৰু ৰিদ্ধি সহ চাৰিগৰাকী খেলুৱৈয়ে এছিয়া কাপ ৰিকাৰ্ভ মিক্সড ডাবলছৰ ফাইনেলত উপনীত হয় ৷ অৱশ্যে একক শাখাত তেওঁলোকে প্ৰথম ৰাউণ্ডৰ পৰাই প্ৰতিযোগিতাৰ বাহিৰ হৈছিল । আন দুগৰাকী খেলুৱৈ ক্ৰমে ঋষভ আৰু সাক্ষী চৌধুৰীয়ে ডাবলছৰ প্ৰথম ৰাউণ্ডত মালয়েছিয়াৰ হাতত পৰাজিত হৈছিল ৷ ইয়াৰ লগে লগে ভাৰতে ব্ৰঞ্জৰ পদক সহ সাতটাকৈ পদক দখল কৰাতো নিশ্চিত(Asia Cup Archery India seals seven medals in mixed finals) কৰে ৷

অৱশ্যে এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়া, চীন, জাপান আদিয়ে অংশগ্ৰহণ কৰা নাই । ছালুংকে আৰু ৰিদ্ধিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে ছেমি ফাইনেলত উপনীত হয় ৷ ছেমি ফাইনেলত তেওঁলোকে মালয়েছিয়া দলটোক 6.2 ৰ ব্যৱধানত পৰাস্ত কৰে । শনিবাৰে পৰৱৰ্তী মেচত ভাৰতীয় দলটোৱে বাংলাদেশৰ মুখামুখি হ'ব ।

লগতে চাওক: চেন্নাইত অনুষ্ঠিত হ’ব 44 তম বিশ্ব দবা অলিম্পিয়াড 2022

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.