স্পৰ্টচ ডেস্ক, ৫ আগষ্ট: অসমৰ দৌৰবিদ অম্লান বৰগোহাঁইৰ আন এক অভিলেখ ৷ পূৰ্বৰ নিজৰে অভিলেখ ভংগ কৰি পুনৰ আন এক অভিলেখ গঢ়িলে অম্লান বৰগোহাঁইয়ে ৷ চীনৰ চেংডুত অনুষ্ঠিত হোৱা বিশ্ব বিশ্ববিদ্যালয় গেমছত এই অভিলেখ সৃষ্টি কৰিলে অসম সন্তান অম্লান বৰগোহাঁইয়ে ৷ শুকুৰবাৰে অনুষ্ঠিত পুৰুষৰ ২০০ মিটাৰ এছএফ ২ ত অম্লান বৰগোহাঁইৰ এই সফলত লাভ কৰে ৷ মাত্ৰ ২০.৫৫ছেকেণ্ডৰ ভিতৰত ২০০ মিটাৰ দৌৰ সম্পন্ন কৰে অম্লানে ৷ তৃতীয় স্থানেৰে ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় এথলেটিকছগৰাকী ৷
ইয়াৰ লগে লগে এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় পুৰুষ হিচাপে পৰিগণিত হৈছে অসম সন্তান অম্লান বৰগোহাঁই ৷ কেৰিয়াৰৰ তৃতীয়বাৰৰ বাবে এই অভিলেখৰ পাচত এছিয়া চেম্পিয়নগেমছৰ বাবে পথ মুকলি হ’ল খেলুৱৈ গৰাকীৰ বাবে ৷ অসম সন্তান দৌৰবিদ অম্লান বৰগোহাঁইৰ সফলতাৰ পাচতে সকলোৱে খেলুৱৈগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে ৷ ইয়াৰ পূৰ্বে ২০১৯ চনত ১০০ মিটাৰ ভাৰতৰ হৈ বিশ্ব বিশ্ববিদ্যালয় গেমছত স্বৰ্ণৰ জয়েৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল দুতি চান্দে ৷
-
New innings for Amlan Borgohain at #WorldUniversityGames#Athletics
— SAI Media (@Media_SAI) August 4, 2023 " class="align-text-top noRightClick twitterSection" data="
The 200m National Record Holder clocked a time of 20.55s & gave his Season's best performance at the event. 🥳
Well done & many congratulations on your multiple feat Amlan💪🏻👏 pic.twitter.com/Y7cVaU2dsk
">New innings for Amlan Borgohain at #WorldUniversityGames#Athletics
— SAI Media (@Media_SAI) August 4, 2023
The 200m National Record Holder clocked a time of 20.55s & gave his Season's best performance at the event. 🥳
Well done & many congratulations on your multiple feat Amlan💪🏻👏 pic.twitter.com/Y7cVaU2dskNew innings for Amlan Borgohain at #WorldUniversityGames#Athletics
— SAI Media (@Media_SAI) August 4, 2023
The 200m National Record Holder clocked a time of 20.55s & gave his Season's best performance at the event. 🥳
Well done & many congratulations on your multiple feat Amlan💪🏻👏 pic.twitter.com/Y7cVaU2dsk
আনহাতে গুজৰাটত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল অম্লানে ৷ পুৰুষৰ ২০০ মিটাৰ ২০.৫৫ ছেকেণ্ডত, ১০০ মিটাৰ ১০.৩৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল অম্লান বৰগোহাঁইয়ে ৷ তেতিয়াই জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্রীড়াতে সোণ অৰ্জন কৰি দেশৰ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হৈছে অম্লান ।
আনহাতে বিশ্ব বিশ্ববিদ্যালয় গেমছত ভাৰতীয় আন এগৰাকী খেলুৱৈ জ্যোতি য়াৰাজীয়েও সফলতা লাভ কৰিছে ৷ ২৩ বছৰীয়া য়াৰাজীয়ে মহিলাৰ ১০০ মিটাৰ দৌৰত ১২.৭৮ ছেকেণ্ডৰ ভিতৰত সম্পন্ন কৰি তৃতীয় স্থান লাভ কৰে আৰু ব্ৰঞ্জ পদক আজুৰি আনিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক:ৰাষ্ট্ৰীয় ক্ৰীড়াত অব্যাহত আছে অসমৰ খেলুৱৈৰ চমকপ্ৰদ সাফল্য