স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অমিত পংঘাল আৰু মনীষ কৌশিকৰ ৷ এছিয়ান খেলত স্বৰ্ণ পদক বিজয়ী অমিত পংঘালে (52 কিলোগ্ৰাম) আৰু মনীষ কৌশিকে কমনৱেলথ গেমছত (63 কিলোগ্ৰাম) ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷
মঙলবাৰে তুৰ্কীৰ বাতুহান ছিফ্কী পৰাস্ত কৰি অমিত পংঘালে আৰু মংগোলীয়াৰ চিনজ’ৰিগ বাটাৰসুখক পৰাস্ত কৰি মনীষ কৌশিকে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ পংঘালে 5-0 জয় লাভ কৰাৰ বিপৰীতে 5-0 ব্যৱধানত জয় লাভ কৰে মনীষ কৌশিকে ৷