স্পৰ্টছ ডেস্ক,২৫ জুন : আৰ্চাৰী বিশ্ব কাপত ভাৰতৰ দপদপনি (Archery World Cup stage 3)। শনিবাৰে বিশ্বকাপৰ ৩ নং পৰ্যায়ৰ সংস্কৰণত ভাৰতৰ অভিষেক বাৰ্মা আৰু জ্যোতি সুৰেখা ভেন্নামৰ যুটিয়ে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় (Abhishek Jyothi pair wins gold in Archery World Cup)। ফ্ৰাঞ্চৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰি কম্পাউণ্ড মিক্সড দলৰ আৰ্চাৰী ইভেণ্টত প্ৰথম বিশ্বকাপ স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ভাৰতীয় যুটিয়ে ।
ভাৰতীয় যুটিৰ বিৰুদ্ধে আছিল ফ্ৰাঞ্চৰ জিন বাউলচ আৰু ৪৮ বছৰীয়া অলিম্পিক পদক বিজয়ী ছফি ডডেমণ্ট । ইফালে মহিলাৰ ৰিকাৰ্ভ দলৰ প্ৰতিযোগিতাত দ্বিতীয়টো পদক নিশ্চিত কৰিছে দীপিকা কুমাৰী, অংকিতা ভকত আৰু চিমৰণজিৎ কৌৰে । দেওবাৰে সোণৰ পদৰ বাবে তেওঁলোকে যুঁজ দিব । বিশ্বৰ ৩ নম্বৰত থকা জ্যোতিয়ে আন এটা পদকৰ সন্ধানত আছে কিয়নো তেওঁ ছেমিফাইনেলত ফৰাচী অভিজ্ঞ ছফিৰ সৈতে খেলিব ।
ভাৰতৰ অভিষেক বাৰ্মা আৰু জ্যোতি সুৰেখা ভেন্নামে ফাইনেল খেলখনত ভাৰতৰ বাবে যিকোনো প্ৰকাৰে সোণৰ পদ অৰ্জনৰ বাবেই যুঁজ দিছিল । কিয়নো প্ৰথম অৱস্থাৰ পৰাই ফ্ৰাঞ্চৰ দলটোক নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছিল ভাৰতীয় যুটিটোৱে ।
ইফালে ৪৮ বছৰীয়া অলিম্পিক পদক বিজয়ী ছফি ডডেমণ্টৰ সন্মুখত যদিও ভাৰতীয় খেলুৱৈ দুগৰাকীয়ে কিছু সমস্যাৰ সন্মুখীন হৈছিল । কিন্তু অন্তিম সময়ত ভাৰতীয় খেলুৱৈ দুগৰাকীয়ে ফ্ৰাঞ্চৰ যুটিক নিৰাশ হ'বলৈ বাধ্য কৰে । ভাৰতীয় খেলুৱৈ দুগৰাকীৰ এই প্ৰদৰ্শনত উৎফুল্লিত দেশৰ ক্ৰীড়াপ্ৰেমী ।
লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ৰ Shooting championshipত অসমৰ দুটা পদক