স্পৰ্টছ ডেস্ক, 4 জুনঃ চৰকাৰী নীতি-নিয়ম আৰু যাৱতীয় সকলো সুৰক্ষা ব্য়ৱস্থা সুনিশ্চিত কৰাৰ পাচতেই বেংগালুৰু ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ কেন্দ্ৰত অনুশীলন আৰম্ভ ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলৰ । লক্ ডাউনৰ প্ৰায় দুমাহ সময়ৰ অন্তত পোন প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ভাৱে অনুশীলন শিৱিৰত অংশগ্ৰহণ দল সমূহৰ । সুশৃংখল আৰু পদ্ধতিগত ভাৱে সকলো নীতি-নিয়মৰ মাজৰে অনুশীলন আৰম্ভ কৰিছে মহিলা আৰু পুৰুষ উভয় দলটোৰে।

দীৰ্ঘদিনৰ বিৰতিৰ পাচত প্ৰত্যাৱৰ্তন কৰাৰ ফলতেই প্ৰাৰম্ভিক পৰ্যায়ত খেলুৱৈ সকলক অতি কম-কম সময়ৰ বাবে কৰোৱা হৈছে অনুশীলন । খেলুৱৈসকল যাতে কোনো ধৰণৰ আঘাতৰ সন্মুখীন হ'বলগীয়া নহয় সেই দিশটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে হকী ইণ্ডিয়াৰ ফালৰ পৰা ।
শেহতীয়াকৈ হকী ইণ্ডিয়াৰ ফালৰ পৰা ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰৰ বাবে ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ নাম মনোনীত কৰাৰ বিপৰীতে অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে বন্দনা কটাৰিয়া, মনিকা আৰু পুৰুষ হকী খেলুৱৈ হৰমনপ্ৰীত সিঙৰ নাম প্ৰেৰণ কৰা হৈছে ।