স্পৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ : ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে বুধবাৰে আগন্তক এফআইএইছ প্ৰ' লীগত অংশগ্ৰহণ সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (SAI) ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিৱিৰৰ সময়ত সিঙে মন্তব্য কৰে যে, জানুৱাৰীত ভাৰতৰ মাটিত অনুষ্ঠিত হ'বলগা এফআইএইছ প্ৰ' লীগৰ বাবে দলৰ খেলুৱৈ সকল উৎসাহিত হৈ আছে ৷ ইয়াৰ জৰিয়তে বিশ্বৰ আগশাৰীৰ দলসমূহৰ সৈতে প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব আৰু সকলো মেচ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰে মনপ্ৰীতে ৷
উল্লেখ্য যে, এই প্ৰতিযোগিতাত ভাৰতে 8 খনকৈ মেচত অংশগ্ৰহণ কৰিব ৷ 2020 চনৰ 18 জানুৱাৰীত নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলে যাত্ৰা আৰম্ভ কৰিব ৷ ইয়াৰোপৰি, ভাৰতীয় হকী দলৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰেইডে মন্তব্য কৰা অনুসৰি, ট'কিঅ' অলিম্পিকৰ পূৰ্বে বিশ্বৰ শীৰ্ষ দলসমূহৰ সৈতে দলে প্ৰতিদ্বন্দিতা কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ ৷