স্পৰ্টছ ডেস্ক, 29 মে’: এফ আই এইজ হকী মেন্ছ ছিৰিজ ফাইনেলছ টুৰ্ণামেণ্টৰ বাবে মঙলবাৰে হকী ইণ্ডিয়াই ঘোষণা কৰে 18 জনীয়া সদস্যৰ ভাৰতীয় হকী দল ৷ ভাৰতীয় হকী দলটোৰ নেতৃত্ব বহন কৰিব মনপ্ৰীত সিঙে ৷ ইপিনে দলত 9 মাহৰ পাচত প্ৰত্যাৱৰ্তন হৈছে ষ্ট্ৰাইকাৰ ৰমনদ্বীপ সিঙৰ ৷
অহা 6 জুনৰ পৰা 15 জুনলৈ চলিব এই হকী মেন্ছ ছিৰিজ ফাইনেলছ প্ৰতিযোগিতাখন ৷ এই টুৰ্ণামেণ্টৰ ‘‘গ্ৰুপ A’’ ত আছে- ভাৰত, ৰুছ, পোলেণ্ড আৰু উজবেকিস্তান ৷ আনহাতে ‘‘গ্ৰুপ B’’ ত আছে - জাপান, মেক্সিকো, আমেৰিকা আৰু দক্ষিণ আফ্ৰিকা ৷ ভাৰতে প্ৰথমখন মেচত মুখামুখি হ’ব ৰুছৰ বিৰুদ্ধে ৷