ETV Bharat / sports

বুণ্ডেছলীগাৰ পইণ্টছ তালিকাৰ তৃতীয় স্থানত উত্তীৰ্ণ আৰবি লেপজিগৰ

author img

By

Published : Jun 2, 2020, 3:15 PM IST

এফচি ক'ল্নক পৰাস্ত কৰি বুণ্ডেছলীগাৰ পইণ্টছ তালিকাৰ তৃতীয় স্থানত উত্তীৰ্ণ হ'ল আৰবি লেপজিগ ফুটবল দলটো । 58 পইণ্টৰে পইণ্ট তালিকাৰ তৃতীয় স্থান দখল কৰাৰ বিপৰীতে 67 পইণ্টেৰ বায়াৰ্ন মিউনিখ প্ৰথম আৰু 60 পইণ্টেৰে দ্বিতীয় স্থানত আছে বৰুছিয়া ডৰ্টমুণ্ড ।

WATCH: RB Leipzig defeat FC Koln 4-2, climb to third spot on Bundesliga table

স্পৰ্টছ ডেস্ক, 2 জুনঃ জাৰ্মানত অনুষ্ঠিত হোৱা স্পেনিছ লীগৰ বুণ্ডেছলীগাত মঙলবাৰে আৰবি লেপজিগ ফুটবল দলটোৰ গুৰুত্বপূৰ্ণ জয় লাভ । এফচি ক'ল্নক পৰাস্ত কৰি বুণ্ডেছলীগাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত উত্তীৰ্ণ হ'ল আৰবি লেপজিগ । মঙলবাৰে অনুষ্ঠিত মেচখনত এফচি ক'ল্নক 4-2 গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয় আৰবি লেপজিগ দলটোৱে ।

বুণ্ডেছলীগাৰ পইণ্টছ তালিকাৰ তৃতীয় স্থানত উত্তীৰ্ণ আৰবি লেপজিগৰ

লক্ষ্যণীয় যে, 25 বছৰ পাচত জুন মাহত আয়োজন হোৱা এইখন আছিল বুণ্ডেছলীগাৰ প্ৰথমখন মেচ । কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবেই এপ্ৰিল মাহৰ মাজ ভাগত স্থগিত কৰা হৈছিল এই প্ৰতিযোগিতা ।

মেচখনত প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হৈছিল এফচি ক'ল্নৰ হৈ ঝ'ন কাৰ্ড'বাই । 7 মিনিটতেই আৰবি লেপজিগৰ বিৰুদ্ধে এফচি ক'ল্নক অগ্ৰগতি দিবলৈ সক্ষম হৈছিল কাৰ্ড'বাই । ইয়াৰ পাচতেই আৰবি লেপজিগে প্ৰত্যুত্তৰত 20 মিনিটত পাট্ৰিকৰ গ'লৰ বিনিময়ত 1-1 ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হয় । প্ৰথমাৰ্ধৰ খেল সমাপ্তিৰ পূৰ্বে আন এটা গ'ল কৰি আৰবি লেপজিগে 2-1 ৰ অগ্ৰগতি লয় । দলটোৰ হৈ দ্বিতীয়টো গ'ল কৰে ক্ৰিষ্ট'ফাৰ নকুংকুৱে ।

মেচ আৰম্ভ হোৱাৰ দ্বিতীয়াৰ্ধৰ 55 মিনিটত এন্থনীৰ এটা গ'লৰ বিনিময়ত এফচি ক'ল্নে সমতা স্থাপন কৰে যদিও ইয়াৰ দুই মিনিটৰ পাচতেই দুটাকৈ গ'ল কৰি মেচখন অৱশেষত 4-2 গ'লত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় আৰবি লেপজিগ ফুটবল দলটোৱে ।

ইয়াৰ লগে-লগে বুণ্ডেছলীগাৰ পইণ্টছ তালিকাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰবি লেপজিগ দলটোৱে । বৰ্তমানে দলটোৱে 58 পইণ্টৰে পইণ্ট তালিকাৰ তৃতীয় স্থান দখল কৰাৰ বিপৰীতে 67 পইণ্টেৰ বায়াৰ্ন মিউনিখ প্ৰথম আৰু 60 পইণ্টেৰে দ্বিতীয় স্থানত আছে বৰুছিয়া ডৰ্টমুণ্ড দলটো ।

লগত পঢ়কঃ দেৱাশীষ হত্যাকাণ্ডঃ গাভৰু চাহ বাগিচাৰ পৰা তিনি জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.