ETV Bharat / sports

'একতাই শক্তি' : জৰ্জ ফ্লইডৰ মৃত্যুত শোক প্ৰকাশ লিভাৰপুলৰ

author img

By

Published : Jun 2, 2020, 12:58 PM IST

আঁঠুকাঢ়ি ক্ষমা ভিক্ষা কৰাৰ সময়ত লিভাৰপুল দলে সামাজিক দূৰত্ব মানি চলে ৷ এই দৃশ্যৰ ফটো শ্বেয়াৰ কৰে লিভাৰপুলৰ ট্ৰেন্ট আলেকজেণ্ডাৰ আৰ্নল্ডে ৷ এই পোষ্টৰ সৈতে আৰ্নল্ডে কেপচন হিচাপে লিখে : "একতাই পৰম শক্তি #BlackLivesMatter."

লিভাৰপুল দল
'একতাই শক্তি' : জৰ্জ ফ্লইডৰ মৃত্যুত শোক প্ৰকাশ লিভাৰপুলৰ

স্পৰ্টছ ডেস্ক, 2 জুন : সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰতে আৰম্ভ হোৱা 'Black Lives Matter' নামৰ প্ৰতিবাদৰ সমৰ্থন জনাবৰ বাবে সোমবাৰে লিভাৰপুল স্কোৱাডে আঁঠুকাঢ়ি ক্ষমা প্ৰাৰ্থনা কৰে ৷ উল্লেখ্য যে, এজন আফ্ৰিকান-আমেৰিকান ব্যক্তি জৰ্জ ফ্লইডক ডেৰেক চৌভিন নামৰ এজন আৰক্ষী বিষয়াই ডিঙিত গছকি হত্যা কৰাৰ পাচতে এই প্ৰতিবাদৰ আৰম্ভ হৈছিল ৷

আঁঠুকাঢ়ি ক্ষমা ভিক্ষা কৰাৰ সময়ত সমগ্ৰ দলটোৱে সামাজিক দূৰত্ব মানি চলে ৷ এই দৃশ্যৰ ফটো শ্বেয়াৰ কৰে লিভাৰপুলৰ ট্ৰেন্ট আলেকজেণ্ডাৰ আৰ্নল্ডে ৷ এই পোষ্টৰ সৈতে আৰ্নল্ডে কেপচন হিচাপে লিখে : "একতাই পৰম শক্তি #BlackLivesMatter."

বৰোছিয়া ডৰ্টমাণ্ডৰ তাৰকা জেডন চাছোই দেওবাৰে মৃত জৰ্জ ফ্লইডলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কয় যে, আমি এই সমস্যাৰ অন্ত পেলোৱাৰ লগতে কোনো পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা উচিত ৷

চাছোয়ে টুইটাৰৰ জৰিয়তে কয়, "প্ৰথমটো পেশাদাৰী হেট-ট্ৰিক ৷ কিন্তু বৰ্তমানৰ পৃথিৱীখনত আৰু কিছুমান তিক্ততাপূৰ্ণ ঘটনা ঘটি আছে ৷ আমি এই সমস্যাৰ অন্ত পেলোৱাৰ লগতে কোনো পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা উচিত ৷ একত্ৰিত হৈ থাকিলে আমি শক্তিশালী হ'ব পাৰিম ! #JusticeForGeorgeFloyd"

  • First professional hat trick 🙏🏼. A bittersweet moment personally as there are more important things going on in the world today that we must address and help make a change. We have to come together as one & fight for justice. We are stronger together! ❤️ #JusticeForGeorgeFloyd 🙏🏼 pic.twitter.com/ntOtwOySCO

    — Jadon Sancho (@Sanchooo10) May 31, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2016 চনৰ আগষ্ট মাহত কিছু আমেৰিকান এথলীটে আৰক্ষীৰ নিৰ্দয়তা আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আঁঠুকাঢ়ি ক্ষমা মাগিছিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছিল ৷ তেতিয়াৰে পৰাই আৰক্ষীৰ নিৰ্দয়তা আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছে ৷

জৰ্জ ফ্লইডক ডিঙিত গছকি হত্যা কৰা আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে ৷ ফ্লইডৰ মৃত্যুৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচতে তেওঁৰ লগতে আন তিনিজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷

উল্লেখ্য যে, ফ্লইডৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাচতে ৱাশ্বিংটন আৰু আমেৰিকাৰ অন্যান্য চহৰত বহুকেইটা প্ৰতিবাদৰ লগতে অগ্নিসংযোগ হয় আৰু হোৱাইট হাউছৰ ওচৰৰ 200 বছৰ পুৰণি ছেইন্ট জনছ গীৰ্জাত প্ৰতিবাদকাৰীয়ে ধংসকাৰ্য চলায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.