ETV Bharat / sports

প্ৰীমিয়াৰ লীগঃ টটেইহাম ক্লাৱৰ এজন কৰ'ণা পজিটিভ ! - টটেইহাম ক্লাৱ

প্ৰীমিয়াৰ লীগৰ টটেইহাম ক্লাৱৰ এজন লোকৰ দেহত কৰ'ণা ভাইৰাছ । COVID-১৯ ৰ পৰীক্ষণত ধৰা পৰিছে এই কথা । ক্লাৱটোৰ পৰা সদৰি কৰা হৈছে এজন খেলুৱৈ অথবা কৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

Tottenham confirm 1 positive result in latest Premier League COVID-19 tests

author img

By

Published : Jun 4, 2020, 2:15 PM IST

স্পৰ্টছ ডেস্ক, 4 জুন: বুধবাৰে প্ৰীমিয়াৰ লীগৰ এজন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । লীগটোৰ টটেইহাম ক্লাৱে সদৰি কৰিছে এই কথা । যোৱা 1,2 জুনত লীগটোৰ ক্লাৱ সমূহৰ 1197 গৰাকী লোকক কৰা হৈছিল COVID-১৯ পৰীক্ষা । ইয়াৰ পাচতেই পোহৰলৈ আহিছে এজন লোক পজিটিভ পোৱাৰ তথ্য় ।

বৰ্তমানে আক্ৰান্ত লোকজনক চেল্ফ আইচ'লেচনত সাত দিনৰ বাবে পঠিওৱা হৈছে বুলি জানিবলৈ দিয়ে । প্ৰীমিয়াৰ লীগটোৰ অখণ্ডতা আৰু পাৰদৰ্শিতাৰ উদ্দেশ্যেই এই তথ্য প্ৰদান কৰা হৈছে যদিও ক্লাৱটোৰ দ্বাৰা কোনো খেলুৱৈ বা লোকৰ বিৱৰণ দিয়া নহয় বুলি স্পষ্ট কৰা হৈছে । লগতে COVID-১৯ পৰীক্ষণৰ পাচত সকলো ফলাফল সাৰ্বজনিক কৰা হ'ব বুলি এক বিবৃতি যোগে প্ৰীমিয়াৰ লীগৰ ফালৰ পৰা সদৰি কৰা হৈছে ।

আনহাতে টটেইহাম ক্লাৱটোৰ ফালৰ পৰা তেওঁলোকৰ ক্লাৱটোৰ এজন সদস্যক COVID-১৯ পৰীক্ষণৰ পাচত কৰ'ণা পজিটিভ পোৱা গৈছে জানিবলৈ দিয়ে । অৱশ্যে আক্ৰান্ত ব্যক্তিজনৰ পৰিচয় গোপনীয় ৰখা হৈছে ।

কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবেই মাৰ্চ মাহত প্ৰতিযোগিতাখন স্থগিত কৰা হৈছিল । শেহতীয়াকৈ 17 জুনৰ পৰা দৰ্শক বিহীন ষ্টেডিয়ামত পুনৰ প্ৰীমিয়াৰ লীগৰ আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.