ETV Bharat / sports

জাৰ্মানীক পৰাস্ত কৰি নেশ্যনছ লীগৰ ছেমিত স্পেইন

author img

By

Published : Nov 18, 2020, 11:30 AM IST

UEFA নেশ্যনছ লীগৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত স্পেইনৰ ৷ জাৰ্মান দলক 6-0 ব্যৱধানত পৰাস্ত স্পেইনৰ ৷

জাৰ্মানীক পৰাস্ত কৰি নেশ্যনছ লীগৰ ছেমিত স্পেইন
ফেৰান টৰেছ

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ : UEFA নেশ্যনছ লীগৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰিছে স্পেইন দলে ৷ জাৰ্মানীক 6-0 ব্যৱধানত ধৰাশায়ী কৰি নেশ্যনছ লীগৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে স্পেইনে ৷ মঙলবাৰৰ নিশা অনুষ্ঠিত মেচত জাৰ্মানীৰ বিৰুদ্ধে প্ৰথমজন হেট্ৰিক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় স্পেনিছ ফুটবলাৰ ফেৰান টৰেছ ৷ মেচখনৰ আৰম্ভণিৰ পৰা অন্তলৈকে স্পেইনে জাৰ্মানীক সম্পূৰ্ণৰূপে দমন কৰিবলৈ সক্ষম হয় ৷

লা কাৰ্টুজা ষ্টেডিয়ামত অনুষ্ঠিত মেচত 17 মিনিটত প্ৰথমটো গ'ল কৰে মোৰাতাই ৷ ইয়াৰ পাচতে মনোবল বৃদ্ধি পোৱা স্পেইনে প্ৰতিপক্ষৰ গ'লপোষ্টত আক্ৰমণ কৰা আৰম্ভ কৰে ৷ 33 মিনিটত দ্বিতীয়টো গ'ল কৰে মানচেষ্টাৰ চিটীৰ তাৰকা ফুটবলাৰ ফেৰান টৰেছে ৷ এক কৰ্ণাৰ প্ৰতিৰোধ কৰিবলৈ জাৰ্মান দল অক্ষম হোৱা বাবে 38 মিনিটত তৃতীয়টো গ'ল কৰে ৰড্ৰিয়ে ৷

ছাৰ্জিঅ' ৰামোছে হাফ টাইমৰ কিছু পূৰ্বে হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰিবলগা হয় আৰু তেওঁৰ পৰিৱৰ্তে খেলপথাৰত নামে এৰিক গাৰচিয়া ৷

ৰামোছৰ অনুপস্থিতিয়ে স্পেইন দলক কোনো ধৰণে প্ৰভাৱ পেলাব নোৱাৰিলে কিয়নো টৰেছে ব্যক্তিগত দ্বিতীয়টো আৰু স্পেইনৰ হৈ চতুৰ্থটো গ'ল দিয়ে ৷ টৰেছে 72 মিনিটত পঞ্চমটো গ'ল দিয়াৰ লগতে হেট্ৰিক অৰ্জন কৰে আৰু দলক 5-0 ৰ অগ্ৰগতি প্ৰদান কৰে ৷

89 মিনিটত স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে ষষ্ঠটো গ'ল দিয়াৰ লগতে দলটোৱে জাৰ্মানীৰ বিৰুদ্ধে বিশাল 6-0 ব্যৱধানত জয় সাব্যস্ত কৰে ৷

লগতে পঢ়ক : এটিপি ফাইনেলছত থিয়েমৰ হাতত পৰাস্ত নাডাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.