ETV Bharat / sports

বিশেষ চিকিৎসা বিমানেৰে জুভেন্টাছলৈ উভতিল ৰ'নাল্ডো

author img

By

Published : Oct 15, 2020, 6:35 PM IST

কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বাবে এক বিশেষ বিমানেৰে ইটালীলৈ উভতিল জুভেন্টাছৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডো ৷ বৰ্তমান তেওঁৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে ৷

Ronaldo returns to Juventus on special medical flight
বিশেষ চিকিৎসা বিমানেৰে জুভেন্টাছলৈ উভতিল ৰ'নাল্ডো

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : এক বিশেষ বিমানেৰে ইটালীলৈ উভতিল জুভেন্টাছৰ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডো ৷ UEFA নেশ্যনছ লীগত পৰ্টুগালৰ হৈ প্ৰতিনিধিত্ব কৰি থকাৰ সময়তে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল তাৰকা ফুটবলাৰগৰাকী ৷

পৰ্টুগালৰ পৰা বুধবাৰে উভতি অহা খেলুৱৈগৰাকীয়ে প্ৰতি বছৰে 31 মিলিয়ন ইউৰোছত চুক্তিবদ্ধ হৈছিল জুভেন্টাছৰ সৈতে ৷ বৰ্তমান খেলুৱৈগৰাকীয়ে জুভেন্টাছনৰ ফিজিছিয়ানৰ শুশ্ৰূষাত কোৱাৰান্টাইনত থাকিব ৷

সোমবাৰে ৰ'নাল্ডো ক'ভিড পজিটিভ ধৰা পৰিছিল যদিও মঙলবাৰৰ দ্বিতীয়টো পৰীক্ষাতহে এই কথা ঘোষণা কৰা হয় ৷

ইটালীয়ান সংবাদ মাধ্যমে জানিবলৈ দিয়া অনুসৰি, তাৰকা ফুটবলাৰগৰাকী ক'ভিড পজিটিভ ধৰা পৰাৰ পাচতে ইটালীলৈ উভতি যাবৰ বাবে জুভেন্টাছে এক বিশেষ বিমানৰ ব্যৱস্থা কৰিছিল ৷

জুভেন্টাছে এক বিবৃতিত কয়, "ক্ৰিষ্টিয়ানো ৰ'নাল্ডো ইটালীলৈ এক বিশেষ বিমানেৰে ঘূৰি আহিছে আৰু বৰ্তমান তেওঁ আইশ্ব'লেশ্যনত থাকিব ৷"

জুভেন্টাছ

দলটোৱে লগতে কয় যে, তেওঁ কৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'লেও দেহত কোনো লক্ষণ দেখা নাই আৰু স্বাস্থ্য সম্পূৰ্ণ সুস্থিৰ ৷

পৰ্টুগালৰ জাতীয় দলৰ দুই সদস্যৰ পৰা ৰ'নাল্ডো সংক্ৰমিত হোৱা বুলি ইটালীয়ান সংবাদ মাধ্যমে জানিবলৈ দিছে ৷ লিছবনত অনুষ্ঠিত বুধবাৰৰ মেচত পৰ্টুগালে ছুইডেনক 3-0 ব্যৱধানত পৰাস্ত কৰিছিল ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা তিনিওগৰাকী খেলুৱৈয়ে এই মেচত অংশগ্ৰহণৰ পৰা বিৰত আছিল ৷

লগতে পঢ়ক : আই.পি.এলৰ আজিৰ মেচত বেংগালুৰৰ বিৰুদ্ধে পাঞ্জাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.