ETV Bharat / sports

Serie Aত 50 টা গ’ল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল ক্ৰিষ্টিয়ানো ৰ’নাল্ডো

author img

By

Published : Jul 21, 2020, 4:53 PM IST

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ নামত সংযোজিত হ’ল আন এটা অভিলেখ ৷ 1995 চনৰ পৰা Serie Aত 50 টা গ’ল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷

Ronaldo becomes first player to score 50 goals in Serie A, Premier League, La Liga

স্পৰ্টছ ডেস্ক, 21 জুলাই: পৰ্তুগীজ খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ নামত নতুন অভিলেখ ৷ Serie A,প্ৰীমিয়াৰ লীগ আৰু লা-লীগাত 50 টা গ’ল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল ৰ’নাল্ডো ৷ সোমবাৰে লাজিঅ’ বিৰুদ্ধে দুটাকৈ গ’ল কৰি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ নতুন অভিলেখ

জুভেণ্টাছ দলৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পূৰ্বে ৰিয়াল মাদ্ৰিদৰ হৈ অংশ গ্ৰহণ কৰিছিল ৰ’নাল্ডোৱে ৷ আনহাতে ইয়াৰ পূৰ্বে মানচেষ্টাৰ ইউনাইটেডৰ হৈ 6 বছৰ সময় অতিবাহিত কৰাৰ সময়তে 2008 চনত নিজৰ প্ৰথমটো বেলন ডি’অৰ বঁটা লাভ কৰিছিল ৰ’নাল্ডোৱে ৷

ৰ’নাল্ডোই মাদ্ৰিদৰ হৈ 118 টা গ’ল কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ নামত বৰ্তমানে আছে 450 টা গ’ল ৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় মেচত গ’লৰ শতকৰ সংখ্যা চুবলৈ এতিয়া কেৱল এখোঁজ দূৰত্বত আছে পৰ্তুগীজ খেলুৱৈগৰাকী ৷ বৰ্তমানে Serie A ত 80 পইণ্ট অৰ্জনেৰে শীৰ্ষ স্থানত আছে জুভেণ্টাছ দলটো ৷

লগতে চাওক- স্থগিত হ’ল আইচিচি টি-20 বিশ্বকাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.