ETV Bharat / sports

শোণিতপুৰৰ বিহগুৰিত ৰাজেশ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

author img

By

Published : Oct 11, 2021, 3:06 PM IST

তেজপুৰৰ বিহগুৰি মিনি ষ্টেডিয়ামত ফুটবল খেলুৱৈৰ দুভৰিৰ যাদু । ক্ৰীড়া সংগঠক ৰাজেশ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মালিনী এফ চি দলৰ জয় । ৰোমাঞ্চকৰ খেলখনে আমোদ দিলে ক্ৰীড়াপ্ৰেমীক ।

Rajesh Das Prize money football competition at Bihaguri
বিহগুৰিত ৰাজেশ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

স্পৰ্টছ ডেস্ক, ১১ অক্টোবৰ: দেওবাৰে অন্ত পৰিল শোণিতপুৰৰ বিহগুৰিৰ টুমুকীস্থিত বিহগুৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত ক্ৰীড়া সংগঠক ৰাজেশ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা । মালিনী এফ চি আৰু ঢেকীয়াজুলি টাউন ক্লাবৰ মাজত দেওবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয় । দুয়োটা দলেই সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় যদিও শেষত মালিনী এফ চিয়ে পৰাস্ত কৰে ঢেকীয়াজুলি টাউন ক্লাবক । বিজয়ী দল মালিনী এফ চিলৈ আগবঢ়োৱা হয় ট্ৰফী আৰু নগদ ১৫ হাজাৰ টকা ।

আনহাতে, বিজিত দল ঢেকীয়াজুলি টাউন ক্লাবলৈ আগবঢ়োৱা হয় ১০ হাজাৰ টকা । শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ঢেকীয়াজুলি টাউন ক্লাবৰ আচা দৈমাৰীয়ে । ৰাজেশ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা যোৱা ২৬ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল । মুঠ ৮টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

বিহগুৰি মিনি ষ্টেডিয়াম সমিতিৰ উদ্যোগত আৰু প্ৰয়াত ৰাজেশ দাসৰ পৰিয়ালৰ সহযোগত আয়োজিত ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল আৰু বঁটা বিতৰণী সভা দেওবাৰে অনুষ্ঠিত হয় । প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈ, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মৃদুল শৰ্মা, জিলা এথলেটিকছ সম্পাদক জিতেন বৰঠাকুৰ, তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ সম্পাদক নিপ বৰা আৰু ফুটবল প্ৰশিক্ষক টংকেশ্বৰ ওজা ।

উল্লেখ্য যে, বিহগুৰি মিনি ষ্টেডিয়ামতে কেইদিনমান পূৰ্বে পশ্চিম আফ্ৰিকাৰ দেশ ঘানাৰ দুগৰাকী খেলুৱৈয়ে দেখুৱাইছিল দুভৰিৰ চমক । তেলেৰীয়া দলৰ হৈ প্ৰতিযোগিতাখনত অংশ লৈছিল খেলুৱৈ দুগৰাকীয়ে । আনহাতে, ৰোমাঞ্চকৰ খেলখন উপভোগ কৰিবলৈ বিহগুৰি মিনি ষ্টেডিয়াম ভিৰ কৰেহি স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে । ৰাজেশ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তি আৰু খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰে বিহগুৰি মিনি ষ্টেডিয়াম সভাপতি দিলীপ বৰা আৰু সম্পাদক পৱিত্ৰ বৰাই ।

ষ্টেডিয়াম সমিতিৰ উদ্যোগত প্ৰতি বছৰে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে । লগতে ষ্টেডিয়ামখনত বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয় । ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিহুগুৰি অঞ্চলৰ কেইবাগৰাকীও খেলুৱৈয়ে । এনে ধৰণৰ প্ৰতিযোগিতাই অঞ্চলটোৰ নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আশাবাদী স্থানীয় ৰাইজ আৰু ষ্টেডিয়াম সমিতি ।

লগতে পঢ়ক : ক্ৰমাগত নৱমবাৰলৈ IPL ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.