স্পৰ্টছ ডেস্ক, 18 জুনঃ জুভেণ্টাছ আৰু ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৰ অনুৰাগীৰ বাবে দুঃখবৰ । পেনাল্টী শ্ব'টআউটত পৰাস্ত হৈ কপ্পা ইটালীয়া খিতাপ জয়ৰ পৰা বঞ্চিত হ'ল জুভেণ্টাছ ।
বুধবাৰে ৰ'মত দৰ্শক বিহীন ভাৱে অনুষ্ঠিত হোৱা কপ্পা ইটালীয়া চেম্পিয়নশ্বিপত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয় জুভেণ্টাছ দলটো । নেপ'লি ফুটবল ক্লাৱৰ হাতত পেনাল্টী শ্ব'টআউটত 4-2 গ'লত পৰাস্ত হয় জুভেণ্টাছ । ইয়াৰ লগে-লগে ষষ্ঠবাৰৰ বাবে কপ্পা ইটালীয়া খিতাপ দখল কৰিবলৈ সক্ষম হৈছে নাপ'লি ফুটবল দলটোৱে ।
উল্লেখ্য় য়ে, মেচখন নিৰ্ধাৰিত 90 মিনিট সময়লৈ গ'ল শূণ্য ভাৱে সমাপ্ত হোৱাৰ পাচতেই সকলো দিশ চালি জাৰি চাই পোনে-পোনে বিজয়ী দলৰ বাবে মেচখনক পেনাল্টী শ্ব'টআউটত লৈ আগবঢ়োৱা হয় ।
নেপ'লি দলটোৰ হৈ লৰেঞ্জো ইংছিগনী, মাটিঅ' প'লিটানো, নিক'লা ম্যাক্সিমোভিক আৰু মিলিকে 1 টাকৈ গ'ল কৰিবলৈ সক্ষম হয় । আনহাতে জুভেণ্টাছৰ হৈ লিয়নাৰ্ডো ব'নুকী আৰু আৰোণ ৰামছে গ'ল কৰিবলৈ সক্ষম হয় ।
12 বাৰৰ বাবে নেপ'লি আৰু জুভেণ্টাছ দলটোৱে এই টুৰ্ণামেণ্টৰ ফাইনেলত মুখামুখি হৈছিল । ইয়াৰ পূৰ্বে পাঁচ বাৰ জুভেণ্টাছে দলে জয় লাভ কৰাৰ বিপৰীতে 4 বাৰ জয়ী হৈছিল নেপ'লি দলটো । আনহাতে দুবাৰ ড্ৰ'ত সমাপ্ত হৈছিল ।
ইয়াৰ পূৰ্বে দুয়োটা দলৰ মাজত 2012 চনত অনুষ্ঠিত হৈছিল ফাইনেল মেচ । য'ত নেপ'লিয়ে জুভেণ্টাছক 2-0 গ'লত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ।