ETV Bharat / sports

গ'ল্ডেন বেবী লিগক লৈ লিংগ সমতাৰ ক্ষেত্ৰত আগুৱাইছে মিজোৰামৰ এখন গাঁও - ভাৰত-ম্যানমাৰ সীমান্ত

মিজোৰামৰ চাম্ফাইত লিংগ সমতা স্থাপনৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ ৷ গ'ল্ডেন বেবী লিগৰ জৰিয়তে মিজোৰামৰ চাম্ফাই আগুৱাইছে লিংগ সমতা স্থাপনৰ দিশে ৷ ফুটবলৰ প্ৰতি আগ্ৰহী নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আৰম্ভ হৈছে গ'ল্ডেন বেবী লিগ ৷

গ'ল্ডেন বেবী লিগছ্ক লৈ লিংগ সমতাৰ ক্ষেত্ৰত আগুৱাইছে মিজোৰামৰ এখন গাঁও

author img

By

Published : Oct 25, 2020, 9:25 PM IST

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: লিংগ সমতাক লৈ বিভিন্ন বিবাদ অব্যাহত থকাৰ মাজতে মিজোৰামৰ চাম্ফাই নামৰ এখন অতি ভিতৰুৱা গাঁৱে নিৰৱে চলাই গৈছে লিংগ সমতা স্থাপনৰ প্ৰস্তুতি ৷ ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা নাতিদূৰত গ'ল্ডেন বেবী লিগৰ জৰিয়তে গাঁওখনে লিংগ সমতা স্থাপনৰ দিশে আগুৱাই গৈছে ৷ গ'ল্ডেন বেবী লিগ অল ইণ্ডিয়া ফুটবল ফেডাৰেচন ( এআইএফএফ) ৰ উদ্যোগত আৰম্ভ হোৱা এক দীৰ্ঘকালীন খেলুৱৈ-বিকাশ প্ৰকল্প ৷ সৰুৰে পৰাই ফুটবলৰ প্ৰতি আগ্ৰহী নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী উভয়কে আগবঢ়াই নিয়াটোৱে এই প্ৰকল্পৰ মূখ্য উদ্দেশ্য ৷

খেলুৱৈ সকলৰ শৈক্ষিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি শনিবাৰে অনুষ্ঠিত হয় খেল

এআইএফএফৰ দ্বাৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত প্ৰখৰ স'নিয়ে কয় যে, "আমি গ'ল্ডেন বেবী লিগসমূহ লিংগ-মিশ্ৰিত খেলেৰে আৰম্ভ কৰিছিলো আৰু অঞ্চলটোৰ অভিভাৱক সকলৰ পৰা এক অভাৱনীয় সঁহাৰি লাভ কৰিছিলো ৷ আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব যে, এগৰাকী 8 বছৰীয়া ছোৱালীৱে চিজনৰ শেষত সৰ্বাধিক স্ক'ৰ দিবলৈ সক্ষম হৈছিল ৷"

নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী উভয়কে আগবঢ়াই নিয়াই গ'ল্ডেন বেবী লিগছৰ উদ্দেশ্য

‘গ'ল্ডেন বেবী লিগ’ শীৰ্ষক এই যুৱ লিগটো হৈছে দেশখনৰ ভিতৰতে প্ৰথমটো শিশু লিগ ৷ বিগত দুটা বছৰ ধৰি এই লিগে এনে কিছু প্ৰতিভাৱান খেলুৱৈ সন্ধান কৰি উলিয়াবলৈ সক্ষম হৈছে, যিসকলে ইতিমধ্যে বাংগালুৰু এফ চি, ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ঙ চেম্পছ্, বাইচুং ভূটীয়া ফুটবল বিদ্যালয় আদিত অন্তৰ্ভুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ চাম্ফাই অঞ্চলটোৱে ৰবাৰ্ট লালঠ্লামুৱানা, লালৰুথাৰাকে ধৰি বহুকেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ জন্ম দিছে ৷

তেওঁ জানিবলৈ দিয়ে যে খেলুৱৈ সকলৰ শৈক্ষিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি শনিবাৰে খেলসমূহ অনুষ্ঠিত কৰা হয় ৷ তেওঁ কয়, "খেলুৱৈ সৃষ্টি কৰাটো আমাৰ একক লক্ষ্য নহয় ৷ আমি এই প্ৰকল্পৰ সৈতে জড়িত শিশু সকলৰ সামগ্ৰিক বিকাশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰো ৷ সিদ্ধান্ত গ্ৰহন আৰু প্ৰযুক্তিগত দক্ষতা সমূহ যাতে তেওঁলোকে আয়ত্ব কৰিব পাৰে সেই উদ্দেশ্যে ডাঙৰ ল'ৰা ছোৱালী বোৰক খেলত ৰেফাৰি হিচাবে নমোৱা হয় ৷

লগতে পঢ়ক: মন্ত্ৰী হিমন্তক লগত লৈ পাণ্ডুৰ পূজাস্থলীত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.