ETV Bharat / sports

বেলন ডি অৰ ড্ৰিম টিমত স্থান লাভ মেছি, ৰোনাল্ডো, মাৰাডোনা আৰু পেলেৰ - ফুটবল নিউজ

চূড়ান্ত একাদশটো নিৰ্বাচন কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৪০ গৰাকী সাংবাদিকে । আৰু ইয়াৰ ভিতৰত ১৯৫৬ৰ পৰা ১৯৯৪ চনলৈ নন-ইউৰোপিয়ান ফুটবলাৰ অন্তৰ্ভূক্ত নোহোৱাৰ বাবে সাংবাদিক সকলক ভোটদান কৰি চূড়ান্ত একাদশ নিৰ্বাচন কৰিবলৈ দিয়া হয় ।

বেলন ডি অৰ ড্ৰিম টিম চূড়ান্ত একাদশ
বেলন ডি অৰ ড্ৰিম টিম চূড়ান্ত একাদশ
author img

By

Published : Dec 15, 2020, 9:12 PM IST

স্পৰ্টছ ডেস্ক, ১৫ ডিচেম্বৰ : ফ্ৰান্স ফুটবলে শেহতীয়াকৈ ঘোষণা কৰিছে ইয়াৰ বেলন ডি অৰ ড্ৰিম ১১ দলৰ চূড়ান্ত একাদশৰ তালিকা । লাইনআপত এইবাৰ স্থান লাভ কৰিছে লিয়নেল মেছি, ক্ৰিষ্টিয়ানো ৰোনাল্ডো, পেলে আৰু মাৰাডোনাৰ দৰে মহান ফুটবলাৰে ।

দলটোৰ চূড়ান্ত একাদশ নিৰ্বাচন কৰে বিশ্বৰ ১৪০ গৰাকী সাংবাদিকে । ১৯৫৬ৰ পৰা ১৯৯৪ লৈ এগৰাকীও নন-ইউৰোপিয়ান ফুটবলাৰে তালিকাত স্থান লাভ নকৰাৰ বাবে ফ্ৰান্স ফুটবলে এইবাৰ এইদৰে সাংবাদিকসকলক ভোটদান কৰি খেলুৱৈসকল নিৰ্বাচিত কৰিবলৈ সুযোগ প্ৰদান কৰে ।

বেলন ডি অৰ ড্ৰিম টিম চূড়ান্ত একাদশ
বেলন ডি অৰ ড্ৰিম টিম চূড়ান্ত একাদশ

বেলন ডি অৰ ড্ৰিম ইলেভেন চূড়ান্ত একাদশ দলটো : লেভ য়াচিনে (গলকীপাৰ), কাফু, পাওলো মালডিনি, ফ্ৰান্জ বেকেনবাউৱেৰ, লোথাৰ মাত্থাউচ, ছাভি, পেলে, ডিয়োগো মাৰাডোনা, ক্ৰিষ্টিয়ানো ৰোনাল্ডো, লিয়নেল মেছি আৰু ৰোনাল্ডো ।

দলটোৰ ডিফেণ্ডাৰ ছাইডত ৰখা হৈছে, জাৰ্মানীৰ ফ্ৰাঞ্জ বেকেনবাউৱেৰ, ব্ৰাজিলৰ কাফু আৰু ইটালীৰ পাওলো মালডিনি । স্পেইনৰ ছাভিক খেলৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ মিডফিল্ডাৰ আখ্যা দিয়া হৈছে । ছাভিয়ে স্পেইনৰ হৈ এবাৰ ফিফা বিশ্বকাপ আৰু দুটা ইউৰো কাপ খিতাপ জয় কৰিছে । এটেকিং মিডফিল্ডাৰ হিচাপে পেলে আৰু মাৰাডোনাক ৰখা হৈছে । মাৰাডোনাই ১৯৮৯ত ফিফা বিশ্বকাপ খিতাপ জয় কৰাৰ লগতে পেলেই ১৯৫৮, ১৯৬২ আৰু ১৯৭০ ত ফিফা বিশ্বকাপ খিতাপ জয় কৰিছে । ষ্টাইকাৰ হিচাপে ৰখা হৈছে আৰ্জেন্টিনাৰ মেছি, পৰ্তুগালৰ ৰোনাল্ডো আৰু ব্ৰাজিলৰ ৰোনাল্ডোক ।

ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে পাঁচবাৰ আৰু লিয়নেল মেছিয়ে সৰ্বাধিক ছবাৰকৈ বেলন ডি অৰ খিতাপ জয় কৰিছে । চলিত বৰ্ষত ফ্ৰান্স ফুটবলে কোভিড মহামাৰীৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু টুৰ্নামেন্টসমূহ অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ২০২০ বৰ্ষৰ বেলন ডি অৰ বঁটা প্ৰদান কৰা নহয় বুলি ঘোষণা কৰিছিল ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.