নিউজ ডেস্ক, ১৩ মাৰ্চ: ইংলিছ প্ৰিমিয়াৰ লীগ ক্লাৱ মানচেষ্টাৰ চিটীয়ে শাৰীৰিক নিৰ্যাতনৰ বলি সকলৰ বাবে আৰম্ভ কৰিছে এখন আৰ্থিক সাহায্য আঁচনি । এই আঁচনিৰ জৰিয়তে শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা শিশুসকলক সহায়ৰ হাত আগবঢ়াব ক্লাবটোৱে ।
এই আঁচনি সেইসকল শিশুৰ বাবেও প্ৰযোজ্য হ'ব যিসকলে ক্লাৱটোৰে প্ৰাক্তন যুৱ প্ৰশিক্ষক বেৰী বেনেলৰ কামনাৰ বলি হৈছিল । বেনেলৰ এই কুকাৰ্য ধৰা পৰাৰ পাছতে তেওঁক ২০১৮ চনত ৩০ বছৰৰ বাবে জেইল দিয়া হৈছিল ।