ETV Bharat / sports

লিয়নেল মেছী আৰু মেগান ৰেপিন'লৈ 'বেলন ডি'অৰ'-2019 সন্মান - লিয়নেল মেছী আৰু মেগান ৰেপিন'

'বেলন ডি'অৰ', 2019 সন্মান দখল কৰিছে বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ লিয়নেল মেছী আৰু আমেৰিকান মহিলা ফুটবলাৰ মেগান ৰেপিন'য়ে ৷ ইয়াৰ জৰিয়তে ষষ্ঠবাৰৰ বাবে এই সন্মান দখল কৰে তাৰকা ফুটবলাৰ লিয়নেল মেছীয়ে ৷

'বেলন ডি'অৰ', 2019 সন্মান
লিয়নেল মেছী আৰু মেগান ৰেপিন'
author img

By

Published : Dec 4, 2019, 10:41 AM IST

স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰ: সোমবাৰে প্ৰদান কৰা 'বেলন ডি'অৰ'-2019 সন্মান দখল কৰিছে বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ লিয়নেল মেছী আৰু মহিলা বিশ্বকাপৰ আমেৰিকান তাৰকা ফুটবলাৰ মেগান ৰেপিন'য়ে ৷ ইয়াৰ জৰিয়তে ষষ্ঠবাৰৰ বাবে এই সন্মান দখল কৰে তাৰকা ফুটবলাৰ লিয়নেল মেছীয়ে ৷

উল্লেখ্য যে, 2015 চনত শেষবাৰৰ বাবে বেলন ডি'অৰ সন্মান দখল কৰিছিল লিয়নেল মেছীয়ে ৷ ইয়াৰ পূৰ্বে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে পাঁচবাৰকৈ এই সন্মান দখল কৰি আছিল মেছীয়ে ৷ কিন্তু, 2019 চনৰ সন্মান দখলৰ জৰিয়তে তেওঁৰ ছয়টাকৈ সন্মানৰ অধিকাৰী হয় ৷

আমেৰিকান মহিলা ফুটবলাৰ
মেগান ৰেপিন'

আনহাতে, মেগান ৰেপিন' হৈছে ন'ৰৱেৰ আদা হেগাৰবাৰ্গৰ পাচতে এই খিতাপ দখল কৰা দ্বিতীয়গৰাকী খেলুৱৈ ৷ আমেৰিকাক বিশ্বকাপ প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰেপিন'ই বিশ্বকাপত গ'ল্ডেন বুট আৰু গ'ল্ডেন বল দখল কৰিবলৈ সক্ষম হৈছিল ৷ তাৰোপৰি,বিশ্বকাপৰ ফাইনেলত তেওঁ 'প্লেয়াৰ অৱ দা মেচ' সন্মানো দখল কৰিছিল ৷ ৰেপিন'য়ে এই বৰ্ষৰ 'ফিফা শ্ৰেষ্ঠ মহিলা ফুটবলাৰ' সন্মানো লাভ কৰিছিল ৷

ৰ’নাল্ডোই 2008,2013,2014,2016 আৰু 2017 চনত এই সন্মান লাভ কৰিছিল ৷ আনহাতে,মেচিয়ে লাভ কৰিছিল 2009,2010,2011,2012 আৰু 2015 চনত ৷ ইপিনে,2018 চনত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ক্ৰৱেছিয়াৰ লুকা মুদ্ৰিকে ৷

মহিলা খেলুৱৈৰ মাজতো 2018 চনৰ পৰা এই সন্মান প্ৰদান কৰি অহা হৈছে ৷ এই খিতাপ লাভ কৰা মহিলাৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে আৰ এডা হেগাৰবাৰ্গ ৷

আৰু পঢ়ক : আজি প্ৰদান কৰা হ’ব ‘বেলন ডিঅ’ৰৰ 2019’ ৰ খিতাপ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.